প্ৰায় নিঃসংগ অৱস্থাত আহি উপনীত হৈছে কেনিয়াত থকা এটি বগা জিৰাফ । সম্প্ৰতি সম্ভৱত পৃথিৱীত আৰু দ্বিতীয়টো বগা জিৰাফ নাই । সেয়েহে পৃথিৱীৰ একমাত্ৰ বগা বৰণৰ জিৰাফটোক সুৰক্ষিত বাসস্থান দিবলৈ তৎপৰ হৈ পৰিছে কেনিয়াৰ ইচাকবিনি হিৰোলা সংৰক্ষিত অঞ্চলৰ বনকৰ্মীসকল । বিশ্বৰ বিৰলতম এই প্ৰাণীটোক সুৰক্ষিত কৰি ৰাখিবলৈ শৰীৰত সংলগ্ন কৰা হৈছে এটি জি পি এছ ট্ৰেকিং ডিভাইচ।
কেইমাহমান আগলৈ অৱশ্যে এই বগা জিৰাফটোৱে নিঃসংগ জীৱন কটাবলগীয়া হোৱা নাছিল । কেনিয়াৰ জংঘলত পৰ্যটকৰ অন্যতম আকৰ্ষণ বগা জিৰাফৰ সংখ্যা আছিল তিনিটা; কিন্তু হঠাতে দুটি জিৰাফ সন্ধানহীন হৈ পৰে । মাৰ্চত সন্ধানহীন জিৰাফ দুটিৰ কংকাল উদ্ধাৰ হয় । ইয়াৰ পাছতে স্পষ্ট হয় সম্পৰ্কত মাতৃ আৰু সন্তান দুই বগা জিৰাফৰ চিকাৰীয়ে হত্যা কৰাটো ।
মাইকী বগা জিৰাফটোৰ মৃত্যুৰ পাছত আন এক কথাও স্পষ্ট হৈ পৰে যে ভৱিষ্যতে কোনো বগা জিৰাফৰ জন্ম নহ’ব । বৰ্তমান মতা বগা জিৰাফটো সম্পূৰ্ণ নিঃসংগ হৈ পৰিছে । জীৱিত থকা জিৰাফটোক সুৰক্ষিত কৰি ৰাখিবলৈ এতিয়া দৃঢ় প্ৰতিজ্ঞ হৈছে বনকৰ্মীসকল । জিৰাফটোৰ সিঙৰ স’তে সংলগ্ন কৰা হৈছে জি পি এছ । ইয়াৰ সহায়ত সকলো সময়তে জিৰাফটোৰ গতিবিধিৰ ওপৰত চকু ৰখা হৈছে । প্ৰতি ঘণ্টাৰ পাছত এটি শব্দ কৰি বনকৰ্মীসকলক নিজৰ উপস্থিতিৰ বিষয়ে সজাগ কৰাৰ ব্যৱস্থা কৰা হৈছে ইয়াৰ দ্বাৰা । কোনো অনিয়ম দেখিলেই সতৰ্ক হৈ ইৰে বনকৰ্মীসকলে ।
২০১৭ত এই বিৰল প্ৰজাতিৰ জিৰাফৰ পৰিয়ালটোৰে সন্ধান লাভ কৰ হয় । বগা জিৰাফৰ পৰিয়ালটোক লৈণএখন তথ্যচিত্ৰও নিৰ্মাণ কৰা হয় । তথ্যচিত্ৰখনৰ পাছৰে পৰা জিৰাফৰ পৰিয়ালটোক চাবলৈ পৰ্যটকৰ অধিক আগমন হ’বলৈ ধৰে । ‘জিন’ৰ কিছু জটিলতাৰ বাবে এনে জিৰাফৰ শৰীৰৰ ৰং বগা হয় । প্ৰকৃততে শৰীৰত কোনো ধৰণৰ স্বাভাৱিক ৰঙৰ সৃষ্টি নোহোৱা বুলিও ক’ব পাৰি । শৰীৰৰ ৰং বগা হোৱা বাবে জিৰাফ চোৰাংচিকাৰীৰ লক্ষ্য হৈ পৰিছে । বজাৰ দৰো বৃদ্ধি পাইছে বগা জিৰাফৰ ছালৰ ।
ইতিমধ্যে পৃথিৱীৰ পৰা চোৰাংচিকাৰীৰ বাবেই বহু বিৰল প্ৰাণী নিঃশেষ হৈ গৈছে । যথেষ্ট সতৰ্কতা সত্ত্বেও চোৰাংচিকাৰীক বাধা দিব পৰা হোৱা নাই । সেয়েহে পৃথিৱীৰ অন্তিমটো বগা জিৰাফক সুৰক্ষিত অৱস্থাত ৰখাটো এতিয়া কেনিয়াৰ বন বিভাগৰ বাবে বৃহৎ প্ৰত্যাহ্বান হৈ পৰিছে ।