আকাশৰ পৰা সৰি পৰা উল্কাপিণ্ডই কোটিপতি কৰিলে ইণ্ডোনেছিয়াৰ জ’ছুৱাক

meteor

এটা নিশাৰ ভিতৰতেই কোটিপতি হ’ল ইণ্ডোনেছিয়াৰ এজন যুৱক । এটা উল্কাপিণ্ডই ভাগ্য পৰিৱৰ্তন কৰি দিলে এই যুৱকজনৰ । জ’ছুৱা হুটাগালুংগ নাছমৰ ৩৩ বছৰীয়া উল্কাপিণ্ডটো বিক্ৰী কৰি এক নিযুত পাউণ্ড লাভ কৰে । ভাৰতীয় মুদ্ৰাত প্ৰায় ৯.৮ কোটি টকা । দেশখনৰ উত্তৰ সুমাত্ৰাৰ বাসিন্দা এইজন যুৱকৰ ভাগ্য পৰিৱৰ্তনৰ ঘটনাটো ছ’চিয়েল মিডিয়াত এতিয়া ভাইৰেল হৈ পৰিছে ।

যোৱা আগষ্টত জ’ছুৱাই এথদিন ঘৰৰ বাহিৰত কাম কৰি থকাৰ সময়তে উল্কাপিণ্ডটো টিন ফালি বাৰাণ্ডাৰ মজিয়িত পৰে । প্ৰথমে জ’ছুৱাই শিলাখণ্ড বুলি ভবা উল্কাপিণ্ডটোৰ ওজন আছিল ২.১ কিলোগ্ৰাম । ঘটনা সন্দৰ্ভত জ’ছুৱাই কয়, ‘প্ৰচণ্ড শব্দ কৰি শিলাখণ্ডটো ঘৰৰ চাল ফুটা কৰি মজিয়াত পৰিছিল । এই শিলটো হাতত লোৱাৰ সময়ত যথেষ্ট গৰম অনুভৱ কৰিছিলো ।’

জ’ছুৱাই উল্কাপিণ্ডটো আকাশৰ পৰা পৰাৰ সময়ত এটি কফিন বনাই আছিল । প্ৰচণ্ড শব্দ কৰি উল্কাপিণ্ডটো পৰাৰ ইাছত আহি দেখি আচৰিত হৈ পৰিছিল । পাছত উল্কাপিণ্ডটো স্থানীয় প্ৰশাসনৰ ওচৰলৈ লৈ যায় । পৰৱৰ্তী সময়ত মাৰ্কিন নাগৰিক জৰেড কলিয়ে উল্কাপিণ্ডটোৰ জনাৰ ইাছত কোটি টকাৰে ক্ৰয় কৰি লয় । কলিৰ পৰা আকৌ জে পিয়াটেকে উল্কাপিণ্ডটো ক্ৰয় কৰে ।

সম্প্ৰতি জুলীয়া নাইট্ৰ’জেনত উল্কাপিণ্ডটোৰ সংৰক্ষণ কৰা হৈছে । মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এৰিজনা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উল্কাপিণ্ড অধ্যয়ন কেন্দ্ৰত আছে এই উল্কাপিণ্ডটো । অনুমান কৰা মতে, উল্কাপিণ্ডটো ৪.৫ বিলিয়ন বছৰ পুৰণি । প্ৰতি গ্ৰাম উল্কাপিণ্ডৰ বৰ্তমান অানুমানিক বজাৰ মূল্য ৬৪৫ পাউণ্ড ।

জ’ছুৱাই জনোৱা অনুসৰি, উল্কাপিণ্ডটো বিক্ৰী কৰি লাভ কৰা ধন নিজৰ প্ৰায় ৩০ বছৰৰ আয়ৰ সমান । হঠাতে লাভ কৰা এই ধনৰ এটা অংশৰে জ’ছুৱাই এতিয়া এটা গিৰ্জা নিৰ্মাণৰ লক্ষ্য লৈছে । তিনি পুত্ৰ সন্তানৰে জ’ছুৱাৰ এখন সুখৰ সংসাৰ আছে । সম্প্ৰতি এটি কন্যা সন্তানৰ আশাত আছে জ’ছুৱা । কোটিপতি হোৱাৰ পাছত এতিয়া কন্যা সন্তানৰ আশাও পূৰ্ণ হ’ব বুলি মনত আশা কৰিছে ইণ্ডোনেছিয়াৰ এই সৌভাগ্যজনে ।

Exit mobile version