মাত্ৰ ১৪ বছৰ বয়সতে স্নাতক ডিগ্ৰী লাভ

Adastya

দুয়োখন হাতেৰে সমিতিয়ে লিখিব পাৰে কিশোৰজনে । একৰ পৰা এশ পৰ্যন্ত নেওতা অনায়াসে গাই দিব পাৰে। কম্পিউটাৰত ‘এ’ৰ পৰা ‘জেড’লৈ আখৰকেইটা টাইপ কৰিবলৈ সময় লাগে মাত্ৰ ১.৭২ ছেকেণ্ড । ১৪ বছৰ বয়সৰ এইজন কিশোৰে এইবাৰ লাভ কৰিছে স্নাতক উপাধি। কিশোৰজনৰ নাম আগস্ত্য জয়ছোৱাল । তেলেংগানা ৰাজ্যৰ এইজন কিশোৰক সম্প্ৰতি ‘ৱাণ্ডাৰ বয়’ আখ্যা দিয়া হৈছে।

ওছমানিয়া বিশ্ববিদ্যালয়ৰ পৰা গণসংযোগ আৰু সাংবাদিকতাৰ বিষয়ত স্নাতক উপাধি লাভ কৰা আগস্ত্যই মাত্ৰ নবছৰ বয়সতেই মাধ্যমিক পৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল। ১১ বছৰ বয়সত উত্তীৰ্ণ হৈছিল উচ্চতৰ মাধ্যমিক পৰীক্ষা । অধ্যয়নৰ সমান্তৰালভাৱে ক্ৰীড়া ক্ষেত্ৰতো অতিকৈ দক্ষ এইজন কিশোৰ । পেছাদাৰী টেবল টেনিছৰো এজন খেলুৱৈয়ে আগস্ত্য । ৰাষ্ট্ৰীয় পৰ্যায়ত টেবল টেনিছ খেলি আছে আগস্ত্যই । ভালদৰে পিয়ান’ বজাব ও জানে তেওঁ । প্ৰেৰণাদায়ক বক্তা হিচাপে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো নাম আছে আগস্ত্যৰ । প্ৰায় সকলো দেশতে প্ৰতিভা দেখুওৱাবলৈ সক্ষম হৈছে এই বয়সতেই।

পুত্ৰৰ সন্দৰ্ভত আগস্ত্যৰ পিতৃ অশ্বিনি কুমাৰ জয়ছোৱালে কয়, ‘প্ৰতিজন শিশুৰ মাজতে বিশেষ গুণ একোটা থাকে। পিতৃ মাতৃয়ে যদি সন্তানক সথিক পথেৰে পৰিচালিত কৰি বিশেষ গুণৰ বিকাশ ঘটোৱাত সহায় কৰিব পাৰে তেন্তে প্ৰত্যেক শিশুৰ পক্ষেই অসাধাৰণ কিবা এটা কৰাটো সম্ভৱ হৈ উঠে।’

উল্লেখ্য যে বিভিন্ন খেলৰ মাধ্যমতেই সকলো বিষয়ত আগস্ত্যক শিক্ষা দিবলৈ চেষ্টা কৰি গৈছে অভিভাৱকে । সৰুৰে পৰা প্ৰতিটো বস্তুৰে প্ৰতি আগস্ত্যৰ প্ৰচুৰ কৌতূহল। বাস্তৱসন্মতভাৱে পুত্ৰৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিয়াৰ চেষ্টা কৰি আহিছে পিতৃ-মাতৃয়ে । প্ৰতিটো বিষয় পুত্ৰই সঠিকভাৱে বুজি উঠাত পিতৃ-মাতৃয়ে অনুপ্ৰেৰণা যোগাই আহিছে।

বিভিন্ন ভাষা কেনেদৰে আয়ত্ত কৰিব পাৰি সেই বিষয়তো পুত্ৰক বুজাবলৈ চেষ্টা কৰি গৈছে। গ্ৰন্থ-আলোচনী অধ্যয়নৰ লগতে পিতৃ-মাতৃৰ পৰা কিবা এটা শিকি লোৱাত কেতিয়াও অৱজ্ঞা কৰা নাই আগস্ত্যই গণসংযোগ আৰু সাংবাদিকতা বিষয়ত স্নাতক উপাধি লাভ কৰিলেও আগস্ত্যৰ লক্ষ্য এজন চিকিৎসক হোৱাৰ । সেয়েহে এইবাৰ এম বি বি এছত নামভৰ্তিৰ বাবে নিজকে সাজু কৰিছে কিশোৰ আগস্ত্যই ।

Exit mobile version