অন্তহীন আগ্ৰহৰ বহিঃপ্ৰকাশ

Screenshot 75

মানুহৰ আগ্ৰহৰ কোনো অন্ত নাথাকে; কিন্তু আগ্ৰহ থাকিলেও সকলোৰে সাধ্য নাথাকে । অৱশ্যে ঘটনাৰ নায়ক নাইজেৰিয়াৰ বাসিন্দা মাইক‌ এজে নাওৱেল নাওগুৰৰ আগ্ৰহ আৰু সাধ্য দুয়োটাই‌ আছে । তদুপৰি আন ১০ জনৰ আগত নিজকে দাঙি ধৰাৰো মনত বাসনা ৰাখে । সেয়েহে বন্ধুৰ বিবাহত নিজৰ ছগৰাকী অন্তঃসত্ত্বা সংগিনীক লৈ স্বয়ং উপস্থিত হ’ল মাইক। এই‌ বন্ধুজনো আকৌ এলা-পেচা নহয় । নাইজেৰিয়াৰ বিনোদন জগতৰ বিখ্যাত অভিনেতা উইলিয়াম উচেম্বাৰ বিয়াত এইজন মাইকে ছয় সংগিনীৰে সকলোৰে দৃষ্টি কাঢ়িবলৈ সক্ষম হয় ।

এটা নাইট ক্লাবৰ গৰাকী মাইকে বিয়াৰ অনুষ্ঠানতে ৰাজহুৱা কৰে নিজৰ অন্তঃসত্ত্বা সংগিনীৰ জন্ম হ’বলগীয়া সন্তানৰ পিতৃ তেওঁৱেই । এটা ঘৰতে বসবাস কৰি আছে বৰ্তমান আটাইকেইগৰাকী সংগিনীৰে যথেষ্ট সাজ-সজ্জা কৰিয়ে বিয়াখনলৈ গৈছিল মাইক । নিজে পৰিধান কৰিছিল গোলাপী ৰঙৰ চ্যুট । মূৰৰ চুলিৰ ৰং কৰি লৈছিল সোণালী । সংগিনীসকলে পৰিধান‌ কৰিছিল ৰূপালী ৰঙৰ পোছাক ।

নিজৰ ইনষ্টাগ্ৰামত ছয় সংগিনীৰে স’তে বিয়ালৈ যোৱা চাৰি ছবি আৰু ভিডিঅ’ ‘আপলোড’ কৰিছে মাইকে । বিয়াঘৰত প্ৰৱেশৰ এটা ভিডিঅ’ও মাইকে আপলোড কৰিছে । ভিডিঅ’টোত দেখিবলৈ পোৱা অনুসৰি প্ৰতিগৰাকী সংগিনীকে প্ৰেম সহকাৰে মাইকে হাতেৰে ধৰি বিয়া ঘৰৰ ভিতৰলৈ লৈ গৈছে। মাইকে সংগিনীসকলৰ গৰ্ভতো ‘চুম্বন’ কৰি আদৰ কৰাও ভিডিঅ’টোত সন্মুখলৈ অহাৰ পাছতে নাইজেৰিয়াত হৈ-চৈ আৰম্ভ হৈছে । কিন্তু নিজৰ এই খ্যাতিক লৈ বাৰুকৈয়ে আনন্দিত মাইক । ঘটনাটোক যথেষ্ট উপভোগ কৰিছে মাইকেল ।

শেহতীয়াকৈ মাইকে আন এটি ভিডিঅ’ প’ষ্ট কৰিছে । এই ভিডিঅ’টোত এখন বিছনাত ছয় সংগিনীৰ স’তে একেলগে মাইকক শুই থকা দেখা গৈছে । সংগিনীসকলে মাইকক গা-ধুৱাই দিয়াও দেখিবলৈ পোৱা গৈছে ভিডিঅ’টোত । এনে অবাক কৰিবলগীয়া জীৱন-যাপনৰ ‘ভাল নাম’ এটা দিব পাৰিলে আৰ্থিক পুৰস্কাৰ দিয়া হ’ব বুলিও জনাইছে মাইকে।

Exit mobile version