ইন্দোনেছিয়াত ভয়ংকৰ আগ্নেয়গিৰী উদগিৰন ,

2020 11 29T142130Z 187417193 RC22DK94XIXC RTRMADP 3 INDONESIA VOLCANO

google

দেওবাৰে হঠাতে জাগ্ৰত হৈ উঠে ইন্দোনেছিয়াৰ পূৱ নুছা টেঙ্গাৰা প্ৰদেশৰ ইলি লিউওটোক আগ্নেয়গিৰীটো। জাগ্ৰত আগ্নেয়গিৰীৰ প্ৰভাৱত ক’লা ধোঁৱাই আৱৰি ধৰে সেই এলেকাৰ চাৰি কিলোমিটাৰ । পুৰি ৰোৱা ছায়ৰ স্তৰ পৰি ৰৈছে পথত ।‌ পৰা ২৭ হেজাৰ মানুহ আঁতৰাই দিয়া হৈছে এলেকাটোৰ পৰা । প্ৰায় ১৩০০ টা সক্ৰীয় আগ্নেয়গিৰী আছে ইন্দোনেছিয়াত ।পূৰ্ণ উদগিৰণ হোৱাৰ আগে আগে কেতিয়াবা এক মাহ বা এসপ্তাহ আগলৈকে সামান্য সক্ৰীয় হৈ থাকে আগ্নেয়গিৰী  ।

তেতিয়াই ছাই ওলাই পৰে আগ্নেয়গিৰী পৰা । ইন্দোনেছিয়াৰ ৰাজধানী জাকাৰ্টাত ২৬০০ কিলোমিটাৰ নিলগত হঠাৎ আগ্নেয়গিৰীৰ পৰা ছাই, লাভা ওলোৱা প্ৰত্যক্ষ কৰি আতংকিত হৈ পৰে স্থানীয় বাসিন্দা । বিজ্ঞানীসকলে জনায় যে, ‘আগ্নেয়গিৰীৰ পৰা ক্ৰমাগতভাৱে লাভা উদগিৰনৰ সম্ভাৱনা আছে । যাৰ ফলত উত্তপ্ত মেঘ, লাভা স্ৰোত, বিষাক্ত গেছ আদি বিয়পি পৰিব পাৰে এলেকাত ।’ এইটো ইন্দোনেছিয়াৰ চৰকাৰৰ পৰা দ্বিতীয় সতৰ্কবাণী জাৰি কৰা হৈছে ।

Exit mobile version