থাইলেণ্ডত পাঁচ হেজাৰ বছৰৰ পুৰণি তিমিৰ কংকাল উদ্ধাৰ

750

গোলকীয় উষ্ণতাৰ সন্দৰ্ভত বিগত বহু বছৰ ধৰিয়ে সাৱধানবাণী শুনাই আহিছে বিজ্ঞানী আৰু পৰিৱেশবিদসকলে । বিগত কিছু মাহত কৰ’না অতিমাৰীৰ বাবে বিশ্বৰ অধিকাংশ স্থানতে তলাবন্ধ থকাৰ ফলত পৰিৱেশলৈ সামান্য পৰিমাণে ভাৰসাম্যতা আহিছিল । কিন্তু ইয়াৰ পৰাও যে পৰিস্থিতিৰ বৰ বেছি সাল-সলনি হোৱা নাই, সম্প্ৰতি সেই প্ৰমাণেই পালে থাইলেণ্ডৰ প্ৰত্নতাত্ত্বিক আৰু গৱেষকসকলে । থাইলেণ্ডৰ ৰাজধানী বেংককৰ অতি নিকটৰে এটা সমুদ্ৰ উপকূলৰ সমীপত আৱিষ্কাৰ হ’ল প্ৰায় পাঁচ হেজাৰ পুৰণি বিৰল তিমি মাছৰ কংকাল । এই কংকাল প্ৰত্যক্ষ কৰি বিজ্ঞানীসকল আচৰিত হৈ পৰিছে ।

স্থানীয় সূত্ৰই জনোৱা মতে, সম্প্ৰতি উষ্ণ বতৰ আৰু ক্ৰান্তীয় অঞ্চলত দেখা পোৱা এই বিৰল ব্যাইড’ছ প্ৰজাতিৰ কংকালটো প’ষ্ট কৰিছে থাইলেণ্ডৰ পৰিৱেশ মন্ত্ৰী ভাৰায়ুত শিল্পা আৰ্চাই। বেংককৰ পশ্চিম দিশে কিছু নিলগত থকা ছামুত ছাখন উপকূলৰ পৰা ১২ কিলোমিটাৰ ভিতৰত উদ্ধাৰ হোৱা এই বিৰল প্ৰজাতিৰ তিমিটো তিনিৰ পৰা পাঁচ হেজাৰ বছৰৰ পুৰণি বুলি মন্ত্ৰীজনে উল্লেখ কৰে । মন্ত্ৰীজনে লগতে জনায় যে, এই পৰ্যন্ত কংকালটোৰ ৮৯ শতাংশৰ অধিক উদ্ধাৰ কৰাটো সম্ভৱ হৈছে । ইয়াৰ ভিতৰত মেৰুদণ্ড, কামিহাড়, ফিছা আৰু সন্মুখৰ ফালৰ এটা অংশৰ হাড় উদ্ধাৰ হৈছে । ১২ মিটাৰ ৩৯ ফুট দীঘল এই তিমিটোৰ কংকালৰ মূৰৰ দৈৰ্ঘ্যই তিনি মিটাৰ ।

সকলো অংশই অক্ষত অৱস্থাত আছিল যদিও ইতিমধ্যে ফচিলত পৰিণত হৈছিল । পৰিৱেশ মন্ত্ৰীৰ এই প’ষ্টৰ পাছতে থাইলেণ্ডৰ বিজ্ঞানীসকলৰ মাজত বিষয়টোক লৈ তোলপাৰ লাগে । বিৰল প্ৰজাতিৰ তিমিটোৰ কংকালৰ সন্ধানে সমুদ্ৰস্তৰৰ পৰিৱৰ্তন আৰু জৈৱ-বৈচিত্ৰ্যৰ বিষয়ে জ্ঞানৰ নতুন দুৱাৰ মুকলি কৰিব বুলিয়ে তেওঁলোকে মত পোষণ কৰিছে । এই প্ৰসংগত ছিংগাপুৰ জাতীয় বিশ্ববিদ্যালয়ৰ জীৱবিজ্ঞানী মাৰ্কাৰ চুয়াই কয়, ‘এছিয়াৰ বিভিন্ন স্থানত এই ধৰণৰ বিৰল তিমিৰ কংকাল বা ফচিলৰ সন্ধান পোৱা যায় । কিন্তু এই ফচিলটোৰ অৱস্থা আনবোৰতকৈ ভালে আছে । এক অতিশয় বিৰল আৱিষ্কাৰ । ইয়াৰ ফলতে প্ৰমাণ হয় যে বেংকক চহৰ আজি যি স্থানত আছে তাত আগতে সমুদ্ৰ আছিল । গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত আজি সমুদ্ৰ ১২ কিলোমিটাৰ দূৰলৈ আঁতৰি গৈছে ।’ জীৱবিজ্ঞানীজনে লগতে কয় যে বৰ্তমানৰ ব্ৰাইড’ছ প্ৰজাতিৰ তিমিৰ স’তে এই তিমিৰ কি কি পাৰ্থক্য আছে, সেইখিনিয়েও পৰিৱেশ‌ পৰিৱৰ্তনৰ সন্দৰ্ভত শিক্ষা দিব ।

Exit mobile version