এইচ ডি এফ চিক নতুন ক্ৰেডিট কাৰ্ড, ডিজিটেল পৰিসেৱা বন্ধৰ নিৰ্দেশ

hdfc bank credit card 1579090430 1

ক্ৰেডিট কাৰ্ড আবণ্টন স্থগিত ৰাখিবলৈ আৰু নতুন ডিজিটেল পৰিসেৱাসমূহ বন্ধ কৰিবলৈ এইচ ডি এফ চি বেংকক নিৰ্দেশ দিয়ে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই (আৰ বি আই) । বুধবাৰে সেই মৰ্মে এইচ ডি এফ চি বেংকক এক নিৰ্দেশনা জাৰী কৰে আৰ বি আইয়ে ।আৰ বি আইয়ে জনোৱা মতে, বিগত দুই বছৰত এইচ ডি এফ চি বেংকৰ ইণ্টাৰনেট আৰু এপ-নিৰ্ভৰ মোবাইল পৰিসেৱাত নানান ত্ৰুটি ধৰা পৰিছে । যোৱা ২১ নৱেম্বৰত বৃহত্তম বেচৰকাৰী বেংকটোৰ বহু গ্ৰাহকে ডিজিটেল পৰিসেৱাত বিভ্ৰান্তৰ ভুক্তভোগী হৈছিল । সেয়েহে ডিজিটেল ২.০ৰ অধীনস্থ ইণ্টাৰনেট আৰু মোবাইল বেংকিং পৰিসেৱাত এই নিৰ্দেশিকা জাৰি কৰা হৈছে ।

২০১৮ৰ ডিচেম্বৰত এইচ ডি এফ চি কতৃপক্ষই নতুন বেংকিং মোবাইল এপ আৰম্ভ কৰিছিল । কিন্তু আৰম্ভ হোৱাৰ কেইঘন্টামানৰ পাছতে এপটো ‘ক্ৰেছ’ হৈ যায় । বহু গ্ৰাহকেই এই সমস্যাৰ ভুক্তভোগী হৈছিল । বেংকৰ ছাৰ্ভাৰে অসংখ্য গ্ৰাহকৰ ভৰ গ্ৰহণ কৰিব নোৱাৰে বুলি অভিযোগ উত্থাপন হৈছিল । সাধাৰণতে এনে পৰিসেৱা গাফিলতিৰ অভিযোগৰ ক্ষেত্ৰত সংশ্লিষ্ট বেংকে জৰিমনা ভৰিব লগা হয় । আৰ বি আইয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ‘এইচ ডি এফ চিৰ ইণ্টাৰনেট গ্ৰাহক পৰিসেৱা সংক্ৰান্ত গাফিলতিৰ অভিযোগত অনুসন্ধান আৰম্ভ কৰা হৈছে । ছেপ্তেম্বৰৰ তথ্য অনুযায়ী, এইচ ডি এফ চি বেংকৰ তিনি লাখ ৩৮ হেজাৰ গ্ৰাহকৰ ভিতৰত এক লাখ ৪৯ হেজাৰজন গ্ৰাহকে ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰে ।’

Exit mobile version