কুকুৰৰ বিৰুদ্ধে অভিযান

625ab6f2 7cd9 11e7 83c9

 কুকুৰতকৈ বিশ্বস্ত কোনাে নাই। যুগ যুগ ধৰি কুকুৰে নিজৰ বিশ্বস্ততাৰ লগতে প্রভু ভক্তিৰ নিদর্শন দাঙি ধৰি আহিছে। ছ’চিয়েল মিডিয়াত ‘ভাইৰেল হােৱা কেবাখনাে ছবিয়ে পুনৰ প্ৰদৰ্শন কৰিছে এই দিশটোৰে। মালয়েছিয়াৰ এটা চৰকাৰী বিভাগৰ ফেচবুক পৃষ্ঠাত ভাইৰেল হােৱা ছবিকেইখন প’ষ্ট কৰা হৈছিল, ছবিকেইখনত দেখিবলৈ পােৱা অনুসৰি নিজে বিপদৰ সন্মুখীন হােৱাৰ সময়তাে পথত এজন লােকক সম্পূর্ণভাৱে নিৰাপত্তা প্রদানেৰে আগুৰি ধৰি ৰৈ আছে কেবাটাও কুকুৰে। দেশখনৰ কাজাং চহৰৰ বিভিন্ন পথত সন্ধিয়াৰ পৰা মাজনিশা পর্যন্ত কুকুৰ ধৰাৰ অভিযান চলােৱা হৈছিল।

এই অভিযানৰ কে’বাখনাে ছবি প’ষ্ট কৰা হয়। ইয়াৰে এখন ছবিয়ে স্পষ্ট ৰূপত প্রকাশ কৰিছিল সম্পূর্ণ ঘটনাটো। ছবিত স্পষ্ট ৰূপত দেখিবলৈ পােৱা গৈছে কুকুৰ ধৰিবলৈ স্থানীয় কাজাং পৌৰসভাৰ কর্মী আগবাঢ়ি যােৱাটো। কুকুৰবিলাকে খালী শৰীৰত এটা মাত্র হাফপেন্ট পৰিধান কৰি শুই থকা এজন লােকক আগুৰি ধৰি ৰৈ আছে। অনুমান কৰা মতে, তেওঁলােকৰ পালক স্বৰূপ লােকজনক ধৰি নিবলৈ অহা বুলি ধৰি লৈছিল কুকুৰকেইটাই। সেয়েহে পালকক পৌৰসভাৰ কৰ্মীসকলৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে প্ৰতিৰােধী ভংগিমাৰে নামি পৰিছিল কুকুৰকেইটাই।

সন্মুখত বিপদৰ উমান পােৱাৰ পাছতাে আঁতৰি যােৱা নাছিল কুকুৰকেইটাই; কিন্তু শেষ পর্যন্ত ৰক্ষা নহ’ল কুকুৰকেইটাৰ। পৌৰসভাৰ কৰ্মীয়ে আটাইকেইটা কুকুৰকে এটা সময়ত আবদ্ধ কৰি লৈ যায়। ফেচবুক পৃষ্ঠাত জনােৱা অনুসৰি উক্ত নিশা মুঠতে ২০টা পথত কাজং পৌৰসভাই কুকুৰ ধৰাৰ বাবে অভিযান চলাইছিল। ফেচবুকত ছবি ভাইৰেল হােৱাৰ পাছত বিভিন্নজনে এই বিষয়ত মন্তব্য কৰে। এনে মন্তব্যত পৌৰসভাৰ বাবে ইয়াতকৈয়াে বহু অধিক গুরুত্বপূর্ণ কাম থকাৰ প্রতি আঙুলিয়াই দিয়া হয়। বহুজনে মন্তব্যত কয় যে কুকুৰৰাে নিজৰ মতে জীৱন যাপন কৰাৰ অধিকাৰ আছে। কুকুৰৰ অধিকাৰ মানুহৰ স্বাৰ্থত খর্ব কৰাটো কেতিয়াও উচিত পদক্ষেপ হ’ব নােৱাৰে। সেয়েহে কুকুৰবিলাকক পথৰ পৰা ধৰি নিয়াটোক কেতিয়াও মান্যতা দিব নােৱাৰি।

Exit mobile version