গোৰেশ্বৰত বৃক্কৰ ৰোগত ভুগিছে এগৰাকী প্ৰতিভাৱান ৰাষ্ট্ৰীয় খেলুৱৈ

311e8554 4140 4d26 938c edc31e7cb8d4

বৰ্তমান বিটিএডিত সকলো ব্যস্ত বিটিচি নিৰ্বাচনক লৈ। কিন্তু ৰাজ্যৰ বাবে সুনাম কঢ়িয়াই অনা এগৰাকী প্ৰতিভাৱান খেলুৱৈৰ খবৰ ল’বলৈ আহৰি নাই কাৰোৱে। সেয়েহে সাধাৰণ কৃষক পৰিয়ালৰ এগৰাকী ৰাষ্ট্ৰীয় খেলুৱৈয়ে এতিয়া বিচনাতে দিন কটাবলগীয়া হৈছে। বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ডেফেলী মৌজাৰ নাওকাটা অঞ্চলৰ বেটাগাওঁৰ এগৰাকী প্ৰতিভাৱান যুৱতী মণিকা বড়ো। বাহিৰাম বড়ো আৰু প্ৰমিলা বড়োৰ কন্যা মণিকা বড়ো কেৱল এগৰাকী সাধাৰণ খেলুৱৈ নহয়, মণিকা বড়োৱে ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেটবল খেলত কে’বাবাৰো অসমৰ হৈ খেলি চেম্পিয়ন হোৱাৰ লগতে অসমলৈ সুনাম কঢ়িয়াই অনিছে।

২০১৩ত নৱম শ্ৰেণীত পঢ়ি থকা সময়ৰে পৰা ক্ৰীড়া জগতৰ সৈতে জড়িত হৈ পৰা মণিকা বড়ো এতিয়া ভীষণ অসুস্থ। মণিকা বড়োৰ এটা বৃক্ক বিকল হৈ পৰে অতি কম বয়সতে ২০১৭ৰ পৰা। বৃক্কৰ অসুখ হোৱা বুলি জনাৰ পিছত কৃষক পিতৃয়ে মাটি-বাৰী , বিভিন্ন সম্পত্তি বিক্ৰী কৰি আজিলৈ চিকিৎসা চলাই আছে কিন্তু সুস্থ হৈ উঠা নাই মণিকা। মণিকাৰ চিকিৎসাৰ বাবদ আজিলৈ প্ৰায় আঠ লাখ টকা খৰচ কৰিলে যদিও মণিকা সুস্থ হৈ নুঠাত চিন্তিত হৈ পৰিছে পৰিয়ালটোৰ লগতে গোৰেশ্বৰ আঞ্চলিক ক্ৰীড়া সন্থা আৰু বাগসা জিলা নেটবল সন্থা।

খেলুৱৈজনক সুস্থ কৰি তুলিবলৈ পাৰ্যমানে সকলোৱে চেষ্টা চলাইছে যদিও মণিকা সুস্থ হোৱা নাই। পুনৰ খেলাৰ অদম্য হেঁপাহ থকা মণিকাৰ বাবে বাধাৰ প্ৰাচীৰ হৈ ঠিয় দিছে আৰ্থিক অনাটনে। মণিকাই নেটবলৰ লগতে ফুটবল আৰু কাবাদী খেলতো সুনাম অৰ্জন কৰিছে। আন্তঃজিলা পৰ্যায়ৰ খেলত মণিকা বড়োৱে ২০১৪ত তিনিচুকীয়াত আয়োজিত আন্তঃজিলা নেটবলত প্ৰতিযোগিতা, ২০১৫ত কামৰূপ জিলাৰ চাংসাৰীত আয়োজিত আন্তঃজিলা নেটবল প্ৰতিযোগিতা, ২০১৬ত শিৱসাগৰত অনুষ্ঠিত আন্তঃজিলা নেটবল প্ৰতিযোগিতা আৰু ২০১৭ত শিৱসাগৰত আসাম অলিম্পিকত অনুষ্ঠিত নেটবলত চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে ।

ইয়াৰোপৰি ২০১২ত তিলক চৌধুৰী মেমোৰিয়েল আন্তঃজিলা স্কুল ফুটবল টুৰ্ণামেন্টতো অংশগ্ৰহণ কৰি সুন্দৰ প্ৰদৰ্শন কৰিছিল। আনহাতে ২০১৪ত হাৰিয়ানাত আয়োজিত ১৬ অনুৰ্দ্ধৰ নেটবলত অংশগ্ৰহণ কৰি অসম দলে তৃতীয় স্থান লাভ কৰিছিল। মণিকা বড়োৱে ২০১৫ত দিল্লীত অনুষ্ঠিত ১৯ অনুৰ্দ্ধৰ স্কুল গেমছতো অংশগ্ৰহণ কৰিছিল। ২০১৮ত ৰাজস্থানত আয়োজিত ৰাষ্ট্ৰীয় গেমছত নেটবলত অসমৰ দলক প্ৰতিনিধিত্ব কৰিছিল। ইয়াৰোপৰি আন বহু কেইখেইখন টুৰ্ণামেন্টতো ভাগ লৈ বাক্সা জিলা আৰু অসম দলৰ বাবে নেটবল খেলি মণিকা সুনাম কঢ়িয়াই আনিছিল। কিন্তু ইমান কম বয়সতে অসুস্থ হৈ পৰাত বাক্সা জিলা আৰু নেটবলৰ অসম দলৰ ক্ষেত্ৰত যথেষ্ট ক্ষতি হোৱা বুলি অনুভৱ কৰিছে সতীৰ্থ খেলুৱৈসকলে। তেওঁলোকৰ আশা মণিকা শীঘ্ৰেই সুস্থ হৈ উঠক আৰু পুনৰ ক্ৰীড়াৰ পথাৰত জপিয়াই পৰক।

কিন্তু আৰ্থিক অনাটনে জৰুলা কৰা পৰিয়ালটোৱে উন্নত চিকিৎসাৰ বাবে এতিয়া থমকি ৰ’ব লগা হৈছ। ক্ৰীড়া সংগঠন সমূহেও চেষ্টা অব্যাহত ৰাখিছে যদিও আৰ্থিক ফালৰ পৰা সকাহ দিব পৰা নাই মণিকাক। সেয়েহে কোনো সদাশয় ব্যক্তি , ক্ৰীড়া সংগঠন তথা মুখ্যমন্ত্ৰী তথা স্বাস্থ্য মন্ত্ৰীৰ সহায় বিচাৰিছে পৰিয়ালটোৱে। সদাশয় লোকে ষ্টেট বেংকৰ গোৰেশ্বৰ শাখাত থকা মণিকা বড়োৰ একাউন্ট নম্বৰ – ৩৪৫২৫৫২৮৫৭৮ , আইএচএফচি নম্বৰ- এচবিআইএন ০০১০৪১৩ লৈ অৰ্থ সাহাৰ্য প্ৰেৰণ কৰিব পাৰে। মণিকা বড়োৰ যোগাযোগ নম্বৰ- ৬০০৩৪ ০৩৮৯০ আৰু ৬০০১০ ৮৪৬৫২ ত যোগাযোগ কৰিব পাৰিব। ক্ৰীড়া ক্ষেত্ৰৰ এগৰাকী সম্ভৱনাময় যুৱতী খেলুৱৈয়ে পুনৰ সুস্থ হৈ ৰাজ্যলৈ আৰু বহু সুনাম কঢ়িয়াই আনক তাকে কামনা কৰিছে পৰিয়াল, গোৰেশ্বৰ আঞ্চলিক ক্ৰীড়া সন্থা, বাক্সা জিলা নেটবল সন্থা আৰু স্থানীয় ৰাইজে।

Exit mobile version