আঠ ডিচেম্বৰৰ কৃষক সংগঠনৰ ‘ভাৰত বন্ধ’লৈ প্ৰদেশ কংগ্ৰেছৰ সমৰ্থন

148600 nwxkkggrqi 1601805530

সকলোৰে প্ৰবল বিৰোধিতা আৰু প্ৰতিবাদ স্বত্বেও মোদী চৰকাৰে দেশজুৰি বলৱৎ কৰা কৃষক বিৰোধী আইন তিনিখনৰ প্ৰত্যাহাৰৰ অটল দাবীত দেশৰ কৃষক সংগঠন সমূহে কেন্দ্রীয় চৰকাৰৰ বিৰুদ্ধে গ্রহণ কৰা প্ৰবল প্ৰতিবাদী কাৰ্য্যসূচীক অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে পূৰ্ণ সমৰ্থন আগবঢ়াইছে। চৰকাৰ বিৰোধী এই গণতান্ত্রিক প্ৰতিবাদী কাৰ্য্যসূচীৰ অংশ স্বৰূপে অহা আঠ ডিচেম্বৰত দেশৰ কৃষক সংগঠনসমূহে ‘ভাৰত বন্ধ’ৰ ঘোষণা কৰিছে।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এই কাৰ্য্যসূচীৰ প্ৰতি সম্পূর্ণ নৈতিক সমৰ্থন জনাইছে। ইয়াৰোপৰি, উক্ত দিনাখন সমগ্র ৰাজ্যজুৰি প্ৰতিখন মণ্ডল কংগ্রেছ কমিটিয়ে খেতিপথাৰত কৃষক সকলৰ স’তে এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰিব আৰু কৃষক বিৰোধী বিজেপি চৰকাৰৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ প্ৰতিকৃতি দাহ কৰিব। ৰাজ্যখনৰ সকলো মণ্ডল কংগ্রেছ কমিটিক এই কাৰ্য্যসূচী সফলতাৰে ৰূপায়ণ কৰিবলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা ডাঙৰীয়াই আহ্বান জনাইছে।

Exit mobile version