সুদীৰ্ঘ ২৬ বছৰ ছাত্ৰ সংগঠনটোত জড়িত থাকি আজি আনুস্থানিকভাৱে সংগঠনটোৰ মজিয়াৰ পৰা বিদায় লয় অৰুণজ্যোতি মৰাণে ৷ মাকুম ৰজনীকান্ত বৰদলৈ খেলপথাৰত আয়োজন কৰা বিদায় সম্ভাষণ কাৰ্যসূচীলৈ মৰাণ জনগোষ্ঠীৰ অগ্ৰণী নেতা অৰুণজ্যোতি মৰাণক তিনিচুকীয়াৰ বৰগুৰিস্থিত মুখ্য কাৰ্যালয়ৰ পৰা এক বিশাল মটৰচাইকেল সমদলেৰে আদৰি নিয়াৰ লগতে খেলপথাৰলৈ ফুল চতিয়াই আদৰণি জনায় ৷
বিদায় সম্ভাষণ অনুষ্ঠানত মৰাণ জনগোষ্ঠীৰ আটাইকেইটা সংগঠনৰ লগতে বিভিন্ন জাতীয়-জনগোষ্ঠীয় দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনায় ৷ বিদায় সম্ভাষণৰ সময়চোৱাত সকলোয়ে আবেগিক হৈ পৰাৰ লগতে সুদীৰ্ঘ ২৬ টাকৈ বৰ্ষ মৰাণ ছাত্ৰ সন্থাৰ জৰিয়তে সেৱা আগবঢ়াই যোৱা বিদায়ী নেতা অৰুণজ্যোতি মৰাণেও আবেগিক হৈ পৰে ৷ইফালে আনুষ্ঠানিক বিদায় লৈ আৰুণজ্যোতি মৰাণে পৰৱৰ্তী সময়ত যিকোনো মঞ্চতে থাকিলেও মৰাণ ছাত্ৰ সন্থাৰ মঞ্চখনক সদায় মনত ৰাখিব বুলি কৈ পৰৱৰ্তী সময়ত সকলোৰে দিহা-পৰামৰ্শ লৈ আগুৱাই যাব