আমেৰিকাৰ পাছত চন্দ্ৰত নিজ দেশৰ পতাকা উৰুৱালে চীনে

962233

১৯৬৯ৰ পাছত ২০২০। ৫১ বছৰৰ দীর্ঘ সময়ৰ বিৰতিৰ পাছত চন্দ্রপৃষ্ঠত আন এখন দেশৰ জাতীয় পতাকা উত্তোলন কৰা হ’ল। প্রথম নিদর্শন আছিল মার্কিন যুক্তৰাষ্ট্রৰ নামত, দ্বিতীয় নিদর্শন গঢ়িলে চীনে। চীনৰ মহাকাশযান চাংৱে-পাঁচৰ দ্বাৰা বৃহস্পতিবাৰে দেশখনৰ সময় অনুসৰি নিশা ১১ বাজি ১০ মিনিটত চন্দ্রপৃষ্ঠৰ পৰা নমুনা হিচাপে মাটি সংগ্রহ কৰি পৃথিৱীলৈ ওভতনি যাত্রা আৰম্ভ কৰিছে। এই নমুনা সংগ্রহৰ সময়তে মহাকাশযানখনৰ দ্বাৰা চন্দ্রপৃষ্ঠত চনৰ জাতীয় পতাকা উত্তোলন কৰা হয়। শুকুৰবাৰে চীনৰ ৰাষ্ট্রীয় মহাকাশ প্রশাসনে পতাকাখনৰ এখন ছবি প্রকাশ কৰিছে।

ইয়াৰ লগতে চন্দ্ৰৰ পৰা মহাকাশ যানখনৰ উৎক্ষেপণৰ আন এক কৃতিত্বৰ প্ৰসংগও চীনৰ তৰফৰ পৰা দাবী কৰা হৈছে। চন্দ্ৰৰ পৰা মহাকাশ যানখনৰ উৎক্ষেপণৰ ক্ষণৰ সম্প্ৰচাৰ কৰা হয় চীনৰ প্ৰচাৰ মাধ্যম যােগে। এই সম্প্রচাৰত মুহূর্ত ভিতৰতে যানখনে চন্দ্রপৃষ্ঠ এৰা দেখিবলৈ পােৱা যায়। মহাকাশ যানখনৰ চাৰফেচ লেণ্ডিং মেকানিজম’ৰ তলত সংলগ্ন এটা কেমেৰাৰ মাধ্যমত ছবি তথা ভিডিঅ’ৰ দৃশ্য বন্দী কৰা হয়। মহাকাশ যানখনৰ যন্ত্রচালিত হাতে চন্দ্রপৃষ্ঠৰ ওপৰভাগৰ লগতে কিছু গভীৰৰ পৰাও মাটি সংগ্রহ কৰে। নমুনা হিচাপে সংগ্রহ কৰা মাটিৰ দ্বাৰা চন্দ্ৰৰ উৎস সংক্রান্তীয় গৱেষণা কৰা হ’ব বুলি চীনৰ বিজ্ঞানীসকলে জনাইছে। সমান্তৰালভারে এই মাটিৰ দ্বাৰা চন্দ্ৰৰ আগ্নেয়গিৰি সম্পর্কিত তথ্যৰা উদ্ঘাটনৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে।

এনে কাৰণতে চন্দ্ৰত আগ্নেয়গিৰি আধিক্য থকা অঞ্চল ‘মুনছ ৰুমাৰত অৱতৰণ কৰােৱা হয় মহাকাশযানখনক। বিশেষজ্ঞসকলে ধাৰণা কৰা অনুসৰি মাটি সংগ্রহ কৰা স্থানৰ বয়স ১৩০ কোটি বছৰৰাে অধিক হ’ব। মহাকাশযানখনে সফলতাৰে পৃথিৱীত অৱতৰণ কৰিব পাৰিলে মার্কিন যুক্তৰাষ্ট্র তথা ৰাছিয়াৰ পাছত চন্দ্ৰৰ পৰা নমুনা হিচাপে মাটি সংগ্রহ কৰা তৃতীয়খন দেশ হ’ব চীন। অৱশ্যে মার্কিন যুক্তৰাষ্ট্রৰ এপ’লাে’ অথবা ৰাছিয়াৰ ‘লুনা লেণ্ডাৰৰ দ্বাৰা সংগ্রহ কৰি অনা নমুনা অতি পুৰণি বুলি জনাইছে বিজ্ঞানীসকলে।

চন্দ্ৰৰ পৰা ১৯৭৫ত শেষৰটো নমুনা সংগ্রহ কৰি অনা হৈছিল। পূর্বৰ নমুনাতকৈ চীনে অনা এই নতুন নমুনাত যথেষ্টখিনি পার্থক্য থাকিব। চীনৰ এই অভিযানৰ দ্বাৰা চন্দ্ৰৰ নতুন দিশৰ সন্ধান লাভ কৰিব পৰা হ’ব বুলি আশা কৰা হৈছে। যােৱা ২৪ নৱেম্বৰত মহাকাশ যানখন চন্দ্ৰলৈ উৎক্ষেপণ কৰা হৈছিল। পহিলা ডিচেম্বৰত মহাকানখনে চন্দ্ৰত অৱতৰণ কৰিছিল। নমুনা সংগ্রহৰ পাছত তিনি ডিচেম্বৰত মহাকাশযানখন ওভতনি যাত্ৰা আৰম্ভ কৰে। এতিয়া প্ৰত্যাহ্বান হ’ব মহাকাশযানখনক সফলতাৰে অৱতৰণ কৰােৱাটো। অহা মাহত মহাকাশযানখনে ইনাৰ মংগােলিয়াত অৱতৰণ

Exit mobile version