অহা এপষেকৰ ভিতৰতে পৰস্পৰৰ ওচৰ চাপিব বৃহস্পতি আৰু শনি গ্ৰহ । ২১ ডিচেম্বৰত দুয়োটা গ্ৰহ ইমানেই ওচৰ চাপিব যে দেখিলে দুয়োটা গ্ৰহক ‘যুগ্মগ্ৰহ’ বুলি বিভ্ৰম হ’ব পাৰে । অহা ১৬ ডিচেম্বৰৰ পৰা ২৫ ডিচেম্বৰৰ মাজৰ সময়ছোৱাত সৌৰজগতৰ এই দুই বৃহত্তম গ্ৰহই ক্ৰমে একেবাৰে ওচৰ চপাৰ পাছত পুনৰ লাহে লাহে বৃদ্ধি কৰিব দূৰত্ব । ক’বলৈ গ’লে বৰদিনৰ সময়তে সংঘটিত হ’ব এই মহাজাগতিক ঘটনা ।
প্ৰায় আঠশ বছৰ পাছত আকাশত এই দুই গ্ৰহৰ ‘যুগলবন্দী’ দেখিবলৈ পোৱা যাব বুলি আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই জনাইছে । আমেৰিকাৰ টেক্সাছ ৰাইচ বিশ্ববিদ্যালয়ৰ পাৰ্থবিদ্যা তথা জ্যোতি বিজ্ঞানৰ অধ্যাপক পেট্ৰিক হাৰ্টিগানে এই সন্দৰ্ভত কয়, ‘এই দুই গ্ৰহৰ বিন্যাস অতিকৈ বিৰল । প্ৰতি ২০ বছৰৰ অন্তত এই ব্যৱধানৰ তাৰতম্য ঘটে । কিন্তু এই যুগলবন্দী অতিকৈ বিৰল ।
এতিয়া এই বিৰল ঘটনা আমি দেখিবলৈ গৈ আছো । এনে মহাজাগতিক ঘটনা প্ৰত্যক্ষ কৰাৰ বাবে বহু বছৰ অপেক্ষা কৰিবলগীয়া হয় বিজ্ঞানীসকলে ।’ পেট্ৰিকে জনোৱা অনুসৰি শেষবাৰ ১২২৬ৰ চাৰি মাৰ্চত দুয়োটা গ্ৰহ একেবাৰে ওচৰলৈ আহিছিল । এই দুই গ্ৰহ যে ওচৰলৈ আহিব ধৰিছে নিশাৰ আকাশত চকু ৰখাসকলে ইতিমধ্যে ধৰিব পাৰিছে ।
বৰ্তমান আকাশত চকু ৰখাসকলে গ্ৰহ দুটাৰ দূৰত্ব হ্ৰাস পোৱা দেখিবলৈ পাইছে । অহা কেইদিনমানৰ পাছৰে পৰা সূৰ্যাস্তৰ পাছত পশ্চিম আকাশত এই দুই গ্ৰহক অধিক ওচৰলৈ চপা দেখিবলৈ পোৱা যাব । ২১ ডিচেম্বৰত যেতিয়া গ্ৰহ দুটাই যুগ্ম গ্ৰহৰ আকাৰ ল’ব সেই সময়ত পূৰ্ণচন্দ্ৰৰ ব্যাসৰ এক পঞ্চমাংশ দূৰত থাকিব । সেই সময়ত দূৰবিক্ষণ যন্ত্ৰৰে চালে দুই গ্ৰহৰ উপগ্ৰহ বিলাকো দেখিবলৈ পোৱা যাব । দুয়োটা গ্ৰহ ওচৰ চপা যেন দেখিবলৈ লাগিলেও প্ৰকৃততে কে’বাশ হেজাৰ লাখ মাইল দূৰতে থাকিব বৃহস্পতি আৰু শনি । নাছাই জনোৱা অনুসৰি পৃথিৱীৰ সকলো প্ৰান্তৰ পৰাই দুয়োটা গ্ৰহৰ যুগলবন্দী দেখিবলৈ পোৱা যাব ।
অৱশ্যে নিৰক্ষৰেখাৰ ওচৰৰ দেশবিলাকৰ পৰা দুয়োটা গ্ৰহ সবাতোকৈ ভালকে দেখা যাব । দুয়োটা গ্ৰহ ইমানেই উজ্জ্বল হ’ব যে সন্ধিয়াৰে পৰা আকাশ স্পষ্টকৈ দেখিবলৈ পোৱা যাব । এইবাৰ যদি কোনোৱে গ্ৰহ দুটা ওচৰ চপা দেখিবলৈ নাপায় তেন্তে অধিক চিন্তা কৰাৰ প্ৰয়োজন নাই । ২০৮০ৰ ১৫ মাৰ্চত পুনৰ গ্ৰহ দুটাক ওচৰ চপা দেখিবলৈ পোৱা যাব । ইয়াৰ পাছত পুনৰ ২৪০০ত গ্ৰহ দুটা ওচৰ চাপিব ।