তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ উদ্যোগত জিলা ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে বিদায় সম্বৰ্ধনা জনায় আছুৰ সদ্য প্ৰাক্তন সম্পাদকজনক।
লুৰীণজ্যোতি গগৈৰ লাইপুলিৰ মৰাণকাৰী গাঁও স্থিত ঘৰৰ পৰা বিশাল বাইক ৰে’লীৰে জিলা ছাত্ৰ সন্থাই আদৰি অনাৰ লগতে থানা চাৰিআলিৰ পৰা গায়ণ-বায়ণ আৰু বিভিন্ন সাংস্কৃতিক দলেৰে আদৰণি জনাই চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আনুষ্ঠানিক বিদায় জনায় প্ৰাক্তন সম্পাদকজনক ।
এসময়ত নিজে পঢ়ি যোৱা বিদ্যালয়খনত আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ গ্ৰহণ কৰি আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকজনে আছুৰ লগতে অন্যান্য দল সংগঠনসমূহক তীব্র ভাৱে ‘কা’ আন্দোলন আগবঢ়াই নিবৰ বাবে আহ্বান জনোৱাৰ লগতে নিজেও ‘কা’ আন্দোলনত অংশ ল’ব বুলিও মন্তব্য কৰে ।
আনহাতে ‘কা’ আন্দোলনৰ পিছতে ‘কা’ আন্দোলনত জৰিত থকা একাংশ লোকে বিজেপি দলত যোগদান কৰাৰ সন্দৰ্ভত কয় যে, তেওঁলোকক অসমৰ ৰাইজে লক্ষ্য কৰি আছে । লগতে অসমৰ সকলো জনগনকে সুবিধাবাদী চৰিত্ৰ পৰিহাৰ কৰি জাতিৰ স্বাৰ্থত কাম কৰিবলৈও আহ্বান জনাই আছুৰ সদ্য প্ৰাক্তন সম্পাদকজনে ।