প্ৰচাৰ কাৰ্য আৰম্ভ কৰিছে সংঘৰ কিষান মৰ্চাই

1607083660 farmers 1

নতুন কৃষি আইনক লৈ ক্ৰমশঃ দেশৰ বিভিন্ন প্ৰান্তলৈ প্ৰতিবাদ বিয়পিছে । এইবাৰ আৰ এছ এছে নিজৰ কৃষকসংগঠনক প্ৰতিবাদত নমোৱাৰ সিদ্ধান্ত লৈছে ।

আগন্তুক সপ্তাহৰ পৰা বিজেপি আৰু আৰ এছ এছে যৌথভাৱে তেওঁলোকৰ কৃষক শাখাৰে গাঁৱে গাঁৱে কিচান চৌপাশ (মুকলি বৈঠক) আৰু কিছু কাৰ্যকলাপ আৰম্ভ কৰিব । বৈঠকৰ কাৰ্যসূচী হ’ব কৃষকৰ উদ্বেগ নাশ কৰা আৰু আইনবোৰৰ পৰা তেওঁলোক কিদৰে লাভাৱান্বিত হ’ব সেয়া প্ৰচাৰ কৰা হ’ব ।

সংঘৰ ‘কিষান মৰ্চাই’ মূলতঃ গাঁওবোৰত বৈঠকত মিলিত হ’ব । আৰ এছ এছৰ কৃষক শাখা ‘ভাৰতীয় কিষান সংঘ’ই তেওঁলোকৰ সকলো সন্থাকে শস্য সংৰক্ষণ, বিক্ৰী আৰু ধন আদায়ত কৃষকৰ লগত থাকিব তথা সহায় কৰিবলৈ নিৰ্দেশ দিছে ।

বিজেপিৰ কিষান মৰ্চাৰ সভাপতি আৰু দলৰ সাংসদ ৰাজকুমাৰ চাহাই কয়, ‘আমি কেৱল অপেক্ষা কৰিছো কৃষক প্ৰতিনিধি আৰু চৰকাৰৰ মাজৰ আলোচনা যাতে অৱশেষত ফলপ্ৰসূ হয় । ইয়াৰ পাছত প্ৰত্যেকখন গাঁৱলৈ গৈ আলোচনা কৰিম । দলৰ অন্যান্য সদস্য আৰু স্থানীয় প্ৰতিনিধিসকলে কৃষকসকলক বুজাব । এই আইনবোৰক লৈ কৃষকসকলৰ যি উদ্বেগ সৃষ্টি হৈছে সেয়া নাশ কৰাৰ চেষ্টা কৰা হ’ব । এইটো স্পষ্ট কৰিব লাগিব যে বিৰোধীসকলে যি কৰিছে সেয়া নীচ ৰাজনীতি ।’

কৃষকসকলক স্বাধীনতাৰ পূৰ্বৰ জাঠ কৃষক নেতা চটু ৰামৰ প্ৰবচন আৰু বাণী শুনোৱাৰ পৰিকল্পনা কৰা হৈছে । কিষান মৰ্চাৰ সূত্ৰ অনুসৰি, কৃষকে কোন বন্ধু ,কোন শত্ৰু সেয়া চিনি পোৱা উচিত ।

এই বিলবোৰ সংসদত অনাৰ সময়তো এক মাহ ধাৰাবাহিকভাৱে প্ৰচাৰ চলাইছিল কিষান মৰ্চাই । সভাপতি চাহাৰ মতে, ‘মাণ্ডিয়ে যদি কৃষকসকলৰ উপকাৰ কৰিলে হয়, তেনেহ’লে বিগত সাত বছৰে তেওঁলোকৰ অৱস্থাৰ অৱনতি নঘটিল হয় । আমি কৃষকসকলক ক’ম তেওঁলোকৰ সমস্যাৰ কথা আমাক লিখিতভাৱে দিবলৈ । প্ৰধানমন্ত্ৰীলৈও সেয়া প্ৰেৰণ কৰা হ’ব ।’

Exit mobile version