কোকৰাঝাৰত চতুৰ্থ বিটিচি স্বায়ত্ব শাসিত পৰিষদৰ নৱ নিৰ্বাচিত মুখ্য কাৰ্যবাহী প্ৰধান সহ পাঁচজনৰ শপত গ্ৰহণ

03f47e49 1b17 4d9c 951d a0954489b70a

বিটিচি নিৰ্বাচনৰ পাছত ইউপিপিএল বিজেপি আৰু জিএছপি দলৰ মিত্ৰজোটৰ চৰকাৰৰ আজি শপত গ্ৰহন অনুষ্ঠান উপলক্ষে কোকৰাঝাৰৰ বডোফা নগৌৰত বিশাল আয়োজন কৰা হয়। চতুৰ্থ বিটিচি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে আজি ইউপিপিএল দলৰ সভাপতি তথা এবছুৰ প্ৰাক্তন সভাপতি প্ৰমোদ বড়ো সহ আন চাৰিজনে শপত লয়।

শপতবাক্য পাঠ কৰায় অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰাই।১৭ বছৰৰ অন্তত বিটিচিবাসী ৰাইজে এইবাৰৰ নিৰ্বাচনত পৰিবৰ্তনৰ পক্ষে ভোটদান কৰি বিটিচিৰ নতুন প্ৰধান হিচাপে প্ৰমোদ বড়োক সুযোগ দিলে। কোকৰাঝাৰত বডোফা নগৰৰ গ্ৰীন ফিল্ডত আয়োজিত এক বিশাল গণ সমাবেশত শপত বাক্য পাঠ কৰি প্ৰমোদ বড়োৱে ৰাইজৰ আশা আখাংক্ষা পুৰন কৰাৰ প্ৰতিশ্ৰতি দি ভাষন আগবঢ়ায়।

প্ৰমোদ বড়োৰ লগতে উপ মুখ্য কাৰ্যবাহী সদস্য হিচাপে এনডিএফবিৰ প্ৰাক্তন নেতা গবিন্দ বসুমতাৰী,কাৰ্যবাহী সদস্য হিচাপে বিজেপিৰ দুগৰাকী আৰু জিএছপিৰ এগৰাকীয়ে আজি শপত লয়।ৰাজ্যৰ মুখ্য মন্ত্ৰী,নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মা,বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস সহ একাধিক মন্ত্ৰী, সাংসদ, বিধায়ক তথা বিভিন্ন সামাজিক-ধাৰ্মিক সংগঠনৰ নেতা নেত্ৰীৰ উপস্হিতি তথা লক্ষাধিক ৰাইজৰ আগত ঐতিহাসিক শপতগ্ৰহণ অনুষ্ঠানৰ পাছত বিত্ত মন্ত্ৰী মুখ্য মন্ত্ৰীয়ে ৰাইজৰ উদ্দেশি ভাষণ আগবঢ়ায়।

Exit mobile version