তিৱা পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিনা কাকীত বাবু-নেকিবৰ গানৰ তালে তালে নাচি ৰিপুন বৰাৰ নিৰ্বাচনী প্ৰচাৰ

9d924833 45f0 4598 92b1 3d2c6ffe78c3

বিজেপি দল হ’ল এটা মিছা প্ৰতিশ্ৰুতিৰ দল। দলটোৱে ৰাইজক কেৱল মাত্ৰ সপোন দেখুৱাই। কিন্ত কাৰ্যত একো নাই। সেয়ে অসমৰ ৰাইজে দলটোৰ পৰা বিগত ২০১৪ৰ বিধানসভাৰ নিৰ্বাচনৰ পাছৰে পৰা মাথো মুংগেৰীলালৰ দৰে সপোনকে লাভ কৰি আহিচে।বাস্তৱত একো নাই।” এই মন্তব্য প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

আজি তিৱা পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিমদিনা হোজাই জিলাৰ ২৭ নং কাকী সমষ্টিত দলীয় প্ৰাৰ্থী বিজুমণি বৰদলৈৰ হৈ কাকী শণিবজাৰত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ৰিপুন বৰাই লগতে কয়- বিজেপিৰ ৰাজ্য চৰকাৰখনে শাসনলৈ আহিয়েই অসমৰ শিক্ষিত নিবনুৱা যুৱকসকলক দুই কোটি চাকৰি দিম বুলি ঘোষণা কৰিছিল। কিন্ত অসমৰ নিৱনুৱাই চাকৰি পালে নে বুলি প্ৰশ্ন ৰিপুন বৰাৰ।

ৰাইজক বিনামূলীয়া চাউল দিলে ঠিকেই কিন্ত নিত্য-ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী দামত ৰাইজে ত্ৰাহি মধুসুধন সোৱৰিব লগা হৈছে।সেয়ে বিজেপিৰ প্ৰতি ৰাইজৰ মোহভংগ হৈছে।সেয়ে ৰাইজক স্বাধীনতা আন্দোলনৰ কংগেছ দলক আকৌ আঁকোৱালি লবলৈ আহ্বান জনায় ।আনহাতে,তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰি কংগ্ৰেছ দলেই পৰিষদ গঠন কৰিব বুলি দাবী কৰে ৰিপুন বৰাই।

ইপিনে, প্ৰচাৰ সভাখনিত উপস্থিত থকা নগাঁও সংসদীয় সমষ্টিৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ে বিজেপি দলক থাইলেণ্ড মাগুৰ বুলি কটাক্ষ কৰে। তেওঁ কয় যে, বিজেপি দলে থাইলেণ্ড মাগুৰৰ দৰে অসমৰ জাতি-জনগোষ্ঠীৰ দল-সংগঠন সমূহক এফালৰ পৰা গিলি শেষ কৰি বিজেপিমুখী কৰি নিঃশেষ কৰি আনিচে।একোখন ফুলনি গঢ় দিয়াৰ পৰিৱৰ্তে উভালি পেলোৱাৰ দৰে চুকাফাৰ বৰ অসম ধ্বংস কৰি পেলাইছে ।

উল্লেখ্য যে,উদালী ব্ল’ক কংগ্ৰেছৰ সভাপতি মিচবাউদ্দিনৰ সভাপতিত্বত অনুষ্ঠিত প্ৰচাৰ সভাখনিত সংগীতকাৰ তথা গায়ক অজয় ফুকন, বাবু,নেকিব,টানা উপস্থিত থাকি কে’বাটিও জনপ্ৰিয় গীত গাই নিৰ্বাচনী প্ৰচাৰ চলায়।বাবুৰ “পেদেল মাৰি মাৰি” আৰু নেকিবৰ “টেক্সি গাড়ী লৈ” গীতত সভাপতি ৰিপুন বৰাৰ লগতে দলীয় নেতৃত্বই নৃত্য কৰি ৰাইজক আৰ্কষিত কৰাৰ চেষ্টা কৰে।আজিৰ সভাখনিত প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দে,প্ৰাক্তন বিধায়ক স্বপন ক’ৰকে ধৰি হোজাই জিলা কংগ্ৰেছৰ নেতৃত্ব উপস্থিত থাকে।

Exit mobile version