দিল্লীত কৰ’না ভেকচিন দিবৰ বাবে স্বাস্থ্যকৰ্মীসকলক প্ৰয়োজনীয় প্ৰশিক্ষণ দিয়া আৰম্ভ কৰিছে অৰবিন্দ কেজৰিৱাল চৰকাৰে । বজাৰত ভেকচিন মুকলি কৰাৰ পাছতে যিসকল স্বাস্থ্যকৰ্মীয়ে সাধাৰণ লোকক ভেকচিন দিব তেওঁলোকক প্ৰশিক্ষণ দিয়া হ’ব । এই তালিকাত প্ৰায় ৩৫০০ স্বাস্থ্যকৰ্মী অন্তৰ্ভুক্ত হৈ আছে ।
চৰকাৰে মৌলানা আজাদ মেডিকেল কলেজৰ তিনিজন চিকিৎসকক ‘ভেকচিন অফিচাৰ’ হিচাপে চিহ্নিত কৰিছে । তেওঁলোকে পৰৱৰ্তী পৰ্যায়ৰ বিষয়াসকলক প্ৰশিক্ষণ দিব । এই বিষয়াসকলে আকৌ জিলাস্তৰৰ স্বাস্থ্যকৰ্মীসকলক কৰ’না ভেকচিন দিবলৈ প্ৰশিক্ষণ দিব ।
মৌলানা আজাদ মেডিকেল কলেজৰ কমিউনিটি প্ৰধান চিকিৎসক প্ৰজ্ঞা শৰ্মাই কয় যে, এই স্বাস্থ্যকৰ্মীসকলে প্ৰশিক্ষণ লৈ জিলা স্তৰত প্ৰশিক্ষণ প্ৰদান কৰিব । লগতে তেওঁ কয় যে, দিল্লীত মুঠ ৬০৯ টা ‘ক’ল্ড চেইন পইণ্ট’ আছে । যি পইণ্টবোৰৰ ওপৰত ভিত্তি কৰি কৰ’না ভেকচিন প্ৰদানৰ শিবিৰ স্থাপন কৰা হ’ব ।
সেয়ে মুখ্যমন্ত্ৰী কেজৰিৱালে মত পোষণ কৰে যে, এই ক্ষেত্ৰত বিপুল সংখ্যক লোক অংশগ্ৰহণৰ প্ৰয়োজন হ’ব । কেন্দ্ৰীয় স্তৰত প্ৰায় তিনি লাখ আৰু দিল্লীত প্ৰায় ৩৫০০ লোকৰ প্ৰয়োজন হ’ব । এই কৰ্মীসকলৰ কাৰ্য বিভিন্ন স্তৰত ভাগ কৰা থাকিব । এজন প্ৰথম পৰ্যায়ৰ বিষয়াই সকলোবোৰ তথ্য পৰ্যৱেক্ষণ কৰিব । দ্বিতীয় পৰ্যায়ৰ বিষয়াই নথি-পত্ৰত দৃষ্টি ৰাখিব । তৃতীয় পৰ্যায়ৰ বিষয়াই ভিৰ নিয়ন্ত্ৰণ কৰিব । চতুৰ্থ পৰ্যায়ৰ বিষয়াই আক্ৰান্তক ভেকচিন দিয়াৰ পাছত আধা ঘণ্টাৰ বাবে পৰ্যৱেক্ষণ কৰিব, শৰীৰত কোনো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নেকি ।