কৃষি আইনৰ আন্দোলনৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

images 2 2

বিগত ২৩দিন ধৰি তিনিখন কৃষি আইনৰ বিৰুদ্ধে চলি আছে কৃষক বিক্ষোভ প্ৰতিবাদ।উচ্চতম ন্যায়ালয়ৰ কেন্দ্ৰক তিনি কৃষি আইন বলৱৎ নকৰিবলৈ পৰামৰ্শ । বৃহস্পতি বাৰে সৰ্বোচ্চ ন্যায়ালয়ে কৃষকৰ আন্দোলন ৰাষ্ট্ৰীয় বিষয় হ’ব বুলি মন্তব্য কৰিছিল। শুকুৰবাৰে পুনৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ ব’বডে, ন্যায়াধীশ এছ এছ বোপান্না আৰু ভি ৰামসুব্রমণিয়মৰ তিনিজনীয়া বিচাৰপীঠে কেন্দ্ৰক তিনিখন কৃষি আইন স্থগিত ৰক্ষাৰ পৰামৰ্শ দিয়ে।

লগতে তেওঁ কয় যে কৃষক সকলে তেওঁলোকৰ প্ৰতিবাদী কাৰ্যসূচী হিংসাত্মক নোহোৱাকৈ চলায় যাব পাৰিব। মুখ্য ন্যায়াধীশ ব’বডেৰ মতে কৃষি বিশেষজ্ঞ আৰু কৃষক সংগঠনৰ প্রতিনিধিৰ লগত কেন্দ্রীয় চৰকাৰৰ প্রতিনিধিৰ এখন কমিটী গঠন কৰা হ’ব৷ মুখ্য ন্যায়াধীশ ব’বডেই কৃষৰ আন্দোলনৰ সমস্যাটো সমাধানৰ বাবে এই কমিটী গঠনৰ পোষকতা কৰে ৷লগতে ৰাজহুৱা স্বার্থজড়িত আবেদনৰ (পি আই এল) পক্ষ হিচাপে ৮টা কৃষক সংগঠনক সন্নিৱিষ্ট কৰিবলৈও বিচাৰপীঠৰ নির্দেশ ।

Exit mobile version