বিয়াৰ প্ৰতিশ্ৰুতি দি শাৰীৰিক সম্পৰ্ক স্থাপন কৰা মানেই ধৰ্ষণ নহয় : দিল্লীৰ উচ্চ ন্যায়ালয়ৰ ৰায় দান

images 3 1

বিয়াৰ প্ৰতিশ্ৰুতি দি শাৰীৰিক সম্পৰ্ক স্থাপন কৰা কাৰ্য মানেই ধৰ্ষণ নুবুজায়। উল্লেখ্য যে,এজন ব্যক্তিৰ উপৰত উত্থাপিত ধৰ্ষণৰ অভিযোগৰ সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ৰ এই ৰায় দান ।অভিযোগ অনুসৰি ব্যক্তিজনে বিয়াৰ প্ৰতিশ্ৰুতি দি ২০০৮ ৰ পৰা ২০১৫ লৈকে মহিলাগৰাকীৰ লয়ত সম্পৰ্ক স্থাপন কৰি আহিছে । আৰু তাৰ পিছত অন্য মহিলাৰ লগত বিবাহত বহিল।

বিয়াৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ বাবে ব্যক্তিজনৰ বিৰুদ্ধে মহিলাগৰাকীয়ে গোচৰ তৰিলে ধৰ্ষণৰ। দিল্লীৰ উচ্চ ন্যায়ালয়ে এই আবেদন খাৰিজ কৰি কয় নে দুয়ো পক্ষৰ সন্মতি সাপেক্ষে হোৱা শাৰীৰিক সম্পৰ্ক ধৰ্ষণ নুবুজায়।

যদি কেতিয়াবা মহিলাগৰাকী সন্মতি নাথাকি বিয়াৰ মিছা প্ৰতিশ্ৰুতি প্ৰদান কৰি এই কাৰ্য দীৰ্ঘদিনীয়া হৈ তেতিয়া ভাৰতীয় দণ্ডবিধি অনুসৰি ৩৭৫ অনুচ্ছেদ মতে ইয়াক ধৰ্ষণ ৰূপে গণ্য কৰা হ’ব।

Exit mobile version