মানৱ উন্নয়ন সূচকত অৱনতি ভাৰতৰ

india honoured for significant contribution to united nations peacekeeping

ৰাষ্ট্ৰসংঘৰ মানৱ উন্নয়ন সূচকত পুনৰ অৱনতি ঘটিল ভাৰতৰ। ২০১৮ৰ পৰা ভাৰতে আৰু এটা স্থান হেৰুৱালে। বিশ্বৰ ১৮৯খন দেশৰ ভিতৰত এইবাৰ ভাৰতৰ স্থান ১৩১ নম্বৰ। ইউনাইটেড নেচনছু ডেভেলপমেন্ট প্রগ্রেম (ইউএনডিপি)ৰ এক প্রতিবেদনত এই তথ্য প্রকাশ পাইছে।

উল্লেখ্য যে কোনাে দেশৰ মানুহৰ স্বাস্থ্য, শিক্ষা তথা জীৱন-যাপনৰ মানৰ বিশ্লেষণ কৰিয়ে এই তালিকা প্রস্তুত কৰা হয়। চলিত বৰ্ষত প্রকাশিত তালিকাৰ প্রথম স্থানত আছে ন’ৰৱে। তাৰ পাছত আছে ক্রমে আয়াৰলেণ্ড, ছুইজাৰলেণ্ড, হংকং আৰু আইচলেণ্ডৰ দৰে দেশসমূহ। ভাৰতৰ পূর্বে ১২৯সংখ্যক স্থান লাভ কৰিছে ভূটানে।

ভাৰতৰ আন প্রতিবেশী দেশ বাংলাদেশ ১৩৩, নেপাল ১৪২ আৰু পাকিস্তান ১৫৪ নম্বৰ স্থানত আছে। প্রতিবেদনত লগতে কোৱা হৈছে যে ২০১৯ত জন্ম হােৱা ভাৰতীয়সকলৰ গড় আয়ুস ৬৯.৭ বছৰ, যি বাংলাদেশ (৭২.৬)তকৈ কম। অৱশ্যে পাকিস্তানৰ গড় আয়ুস (৬৭.৩ বছৰ) আৰু কম।

ভাৰতৰ অৱস্থান সম্পর্কে প্রতিক্রিয়া প্রকাশ কৰি ইউএনডিপিৰ প্রতিনিধি ছ’ক’ নডাই কয়, ‘ভাৰতে বেয়া ফল দেখুৱাইছে বুলি ক’ব নােৱাৰি। কিন্তু অন্যান্য দেশসমূহে আৰু ভাল ফল দেখুৱাইছে। এই প্রতিবেদনত লগতে কোৱা হৈছে যে ক্রয় ক্ষমতাৰ ভিত্তিত দেখা গৈছে, ২০১৮ৰ তুলনাত ২০১৮ত ভাৰতীয়সকলৰ জনমূৰি আয় হ্রাস পাইছে।

Exit mobile version