এন আৰ চিত বাদ পৰিছে বহু ভাৰতীয় নাগৰিক : আব্দুল খালেক

Screenshot 137

আজি অনুষ্ঠিত অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদ মেলত আব্দুল খালেকে এন আৰ চিত বহু ভাৰতীয় নাগৰিক বাদ পৰিছে বুলি দাবী জনায় ।লগতে তেওঁ কয় এন আৰ চিৰ শুনানি সময়ত বহু লোকৰ বায়’মেট্ৰিক লোৱা হৈছিল আৰু বৰ্তমান প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গ্ৰামীণত যি সকলে অতিৰিক্ত তালিকাত ঘৰ পাইছে সেইসকলৰ আধাৰ নম্বৰ প্ৰয়োজন হৈছে ।

কিন্তু ইতিমধ্যে যিসকলৰ নতুনকৈ বায়’মেট্ৰিক গ্ৰহণ কৰা নাই তেওঁলোকৰ ঘৰ পোৱাত অসুবিধাৰ সৃষ্টি হৈছে। সেইবাবে চৰকাৰক অনুৰোধ কৰি খালেকে বায়’মেট্ৰিক প্ৰক্ৰিয়াটো সমাপ্ত কৰি নতুন যিসকলে আধাৰ পাব তেওঁলোকক বায়’মেট্ৰিক দিয়াৰ সুযোগ দিব লাগে বুলি আহ্বান জনায়।আনহাতে তেওঁ কয় যে ,”অজন্তা বাইদেউৰ তেজত আছে কংগ্ৰেছ কংগ্ৰেছেই তেওঁক বহুত দিলে তেওঁ এবাৰ ভালদৰে বিবেচনা কৰা দৰকাৰ ।”

Exit mobile version