বিক্ষোভকাৰী সকলৰ স’তে বৈঠকত মিলিত হৈ চাৰিখন ৰাজ্যত পদৰ সালসলনি কৰে কংগ্ৰেছে

sonia gandhi road

তথাকথিত বিক্ষোভ নেতাসহ সকলো নেতাৰ স’তে শনিবাৰে আলোচনাত মিলিত হৈছিল ছোনিয়া গান্ধীয়ে । আজিৰ পৰাই দলৰ সাংগঠনিক নেতৃত্ব পুনৰ্গঠন কাৰ্য আৰম্ভ কৰিছে ‌কংগ্ৰেছে । ইয়াৰে চাৰিখন ৰাজ্য ক্ৰমে তেলেংগানা, মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ আৰু গুজৰাট প্ৰদেশ নেতৃত্বত সম্পূৰ্ণ সালসলনি কৰিছে কংগ্ৰেছে ।

হায়দৰাবাদৰ পুৰভোট আৰু গুজৰাট উপনিৰ্বাচনত ভাল ফল নকৰাৰ বাবে ইতিমধ্যে পদত্যাগ কৰিছে তেলেংগানা প্ৰদেশ কংগ্ৰেছৰ সভাপতি উত্তম কুমাৰ ৰেড্ডি আৰু গুজৰাট প্ৰদেশ কংগ্ৰেছৰ সভাপতি অমিত চাবৰাই ।

মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰদেশ কংগ্ৰেছ সভাপতি আৰু চিএলপি নেতা কমল নাথে ২৩ জন বিক্ষোভকাৰীক একত্ৰিত কৰিবলৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল । মুম্বাই আঞ্চলিক কংগ্ৰেছ কমিটিত দল পৰিৱৰ্তন কৰা হ’ল ।

মহাৰাষ্ট্ৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি বালাচাহেব থোৰাট ৰাজ্য কংগ্ৰেছৰ বিধান পৰিষদীয় দলৰো নেতা । অসম আৰু কেৰালাত তিনিজন এআইচিচি সচিব নিয়োগ কৰিছে কংগ্ৰেছৰ অন্তৰ্বৰ্তীকালীন সভানেত্ৰী ছোনিয়াই । এই তিনিজন সচিবে অসমৰ দায়িত্বপ্ৰাপ্ত সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং আৰু কেৰালাৰ দায়িত্বপ্ৰাপ্ত সাধাৰণ সম্পাদক তাৰিক আনোৱাৰক সহায় কৰিব । শীৰ্ষ নেতৃত্বত সাংগঠনিক নিৰ্বাচনত সন্মত হ’লেও দলৰ কাৰ্যকৰী কমিটিয়েই চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব ।

Exit mobile version