সোণতলী অঞ্চলৰ ব্ৰক্ষ্মপুত্ৰ নদীৰ মথাউৰি সৱলীকৰণ আঁচনিৰ আৰম্ভণি

Screenshot 145

দক্ষিণ কামৰূপৰ সোণতলীত জল সম্পদ বিভাগৰ আঁচনিৰ আৰম্ভণি কৰে সাংসদ কুইন ওজাই । এইখন অসম চৰকাৰৰ জল সম্পদ বিভাগৰ ২০১৯- ২০ বৰ্ষৰ এছ ডি আৰ এফে খহনীয়া প্ৰতিৰোধৰ বাবে প্ৰদান কৰা ১.১৪ কোটি টকাৰ আঁচনি ।

অনুষ্ঠানখনত উপস্থিত থাকে বকো সমষ্টিৰ কংগ্ৰেছৰ বিধায়িকা নন্দিতা দাস আৰু প্ৰাক্তন অগপ বিধায়ক জ্যোতি প্ৰসাদ দাসৰ লগতে ক’বাগৰাকী বিষয়া, অভিযন্তা ।

সোণতলী ৰাংগাপানী মথাউৰিৰ ৯৫০ মিটাৰ দৈৰ্ঘৰ খহনীয়াৰ স্থায়ী সমাধানৰ বাবে গ্ৰহণ কৰে এই আঁচনি ।

জলসম্পদ বিভাগৰ পলাশবাৰী টাউন সুৰক্ষা চক্ৰৰ অধীক্ষক অভিযন্তা প্ৰনৱ কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠানৰ অন্তত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয় ।

সভাৰ মুখ্য অতিথি ৭ নং গুৱাহাটী লোকসভাৰ সাংসদ কুইন ওজাই বকো সমষ্টিৰ জলন্ত সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে ।

উল্লেখ্য, ক’ভিড মহামাৰিৰ বাবে সম্প্ৰতি আৰ্থিকভাৱে চৰকাৰ জুৰুলা হৈ পৰা বাবে চৰকাৰৰ এচ অ’ পি ডি আ‌ঁচনিকে ধৰি চৰকাৰৰ অধিকাংশ আঁচনিৰ কাম স্থবিৰ হৈ পৰিছে বুলি প্ৰকাশ কৰে সাংসদ গৰাকীয়ে ।

সভাত উপস্থিত থাকি বিধায়িকা নন্দিতা দাসে গৰাখহনীয়া, ৰাস্তা-ঘাটৰ সমস্যাকে ধৰি বকো সমষ্টিৰ জলন্ত সমস্যা সমূহৰ ওপৰত আলোকপাত কৰি সোণতলী চাৰিআলিৰ পৰা মথাউৰি সুৰক্ষাৰ বাবে গ্ৰহণ কৰা এই আঁচনিৰ বাবে জলসম্পদ বিভাগক শলাগ লয় ।

উক্ত সভাত অগপৰ প্ৰাক্তন বিধায়ক জ্যোতিপ্ৰসাদ দাসেও সমষ্টিৰ সমস্যাসমূহৰ ওপৰত দৃষ্টি নিক্ষেপ কৰে ।

Exit mobile version