জ’ বাইডেনে গ্ৰহণ কৰিলে ক’ভিড ভেকচিন

106814602 1608582351197 gettyimages 1230251837 AFP 8XK8KZ

আমেৰিকাৰ ভাবী ৰাষ্ট্ৰপতি জ’ বাইডেনে গ্ৰহণ কৰিলে ফাইজাৰৰ ক’ভিড ভেকচিন । ৭৮ বছৰীয়া জ’ বাইডেনৰ ভেকচিন গ্ৰহণৰ দৃশ্য লাইভ সম্প্ৰচাৰিত কৰা হ’ল । আমেৰিকাবাসীক ভেকচিন গ্ৰহণত উৎসাহিত কৰিবৰ বাবে বাইডেনে এই পদক্ষেপ গ্ৰহণ কৰে ।

ভেকচিন গ্ৰহণৰ ভিডিঅ’ টুইট কৰি বাইডেনে কয়, ‘মই আজি ক’ভিড ভেকচিন গ্ৰহণ কৰিলো । যিয়ে এই ভেকচিন আৱিষ্কাৰ কৰিছে সেইসকল বিজ্ঞানী আৰু গৱেষকৰ ওচৰত মই কৃতজ্ঞ । আমেৰিকাবাসীয়ে এতিয়া উদ্বিগ্ন হোৱাৰ প্ৰয়োজন নাই । মই আপোনালোকক অনুৰোধ জনাইছো বজাৰত ভেকচিন উপলব্ধ হ’লেই আপোনালোকে গ্ৰহণ কৰিব ।’

Exit mobile version