পঞ্জাৱৰ দুই জিলাত পৰীক্ষামূলক ভেকচিন কাৰ্যসূচী ২৮ আৰু ২৯ ডিচেম্বৰত

290420 vaccin covid oxford m

ক’ভিড ভেকচিনৰ পৰীক্ষামূলক প্ৰয়োগৰ বাবে পঞ্জাৱক বাচি লৈছে কেন্দ্ৰই । পঞ্জাৱৰ স্বাস্থ্যমন্ত্ৰী বলবীৰ সিঙে জনায় যে, ‘আগন্তুক ২৮ আৰু ২৯ ডিচেম্বৰত ভেকচিন কাৰ্যসূচী আৰম্ভ হ’ব । লুধিয়ানা আৰু শ্বহীদ ভগৎ সিং নগৰত এই দুদিনীয়া ভেকচিন কাৰ্যসূচী অনুষ্ঠিত হ’ব ।’

স্বাস্থ্যমন্ত্ৰী বলবীৰে কয়, ‘ভেকচিন প্ৰদানৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি আৰু সবল পৰিকাঠামো উপলব্ধ আছে নে নাই, চূড়ান্ত পৰ্য্যায়ৰ ভেকচিন প্ৰদানৰ পূৰ্বে যাতে কোনো সমস্যাৰ সৃষ্টি নহয় সেয়ে এই পৰীক্ষামূলক ভেকচিন কাৰ্যসূচী আয়োজন কৰা হৈছে ।’

তেওঁ লগতে কয় যে, যি স্থানত এই কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব তাত তত্বাৱধানত থাকিব জিলা প্ৰশাসক । এই কাৰ্যসূচী পৰিচালনা কৰাত সহযোগিতা কৰিব ইউনাইটেড নেচনছ ডেভলপমেণ্ট প্ৰ’গ্ৰেম (ইউএনডিপি) আৰু বিশ্ব স্বাস্থ্য সংস্থাই । পঞ্জাৱৰ লগতে অন্ধ্ৰপ্ৰদেশ, গুজৰাট আৰু অসমতো এই পৰীক্ষামূলক ভেকচিন কাৰ্যসূচী অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে বুলি কয় বলবীৰে ।

ভেকচিন সৰবৰাহৰ ক্ষেত্ৰত যাতে পঞ্জাৱক অগ্ৰাধিকাৰ দিয়া হয় সেয়ে চলিত মাহৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পত্ৰ প্ৰেৰণ কৰে মুখ্যমন্ত্ৰী অমৰেন্দ্ৰ সিঙে ।

Exit mobile version