এতিয়াও অব্যাহত আছে বিটিচি পৰিষদ গঠনক লৈ চৰ্চা। চলিত বৰ্ষৰ চাৰি এপ্ৰিলত অনুষ্টিত হবলগীয়া পৰিষদীয় নিৰ্ব্বাচন ক’ভিডৰ বাবে পিচুৱাই অনুষ্টিত হ’ল ডিচেম্বৰ মাহৰ সাত আৰু ১০ তাৰিখে । ১২ ডিচেম্বৰত ভোট গণনা অনুষ্টিত হোৱাৰ পাছতে পৰিষদ গঠনক লৈ যেন আৰম্ভ হয় মহা যুদ্ধৰ ।
বিপিএফ দলে ১৭ টা আসন পাইয়ো গঠন কৰিব নোৱাৰিলে পৰিষদ । বিজেপি দলে পৰিষদ গঠনৰ বাবে বিজেপি ইউপিপিএল আৰু গণ সুৰক্ষা পাৰ্টীৰ সৈতে মিত্ৰতা কৰি পাৰিষদ সকলক গুৱাহাটীৰ হোটেলত বন্দি কৰি থোৱাৰ লগতে শ্বিলংলৈয়ো স্থানান্তৰিত কৰিবলগীয়া হৈছেল।
বিটিচি পৰিষদৰ নৱ নিৰ্ব্বাচিত কাৰ্য্যবাহি সদস্য ৰঞ্জিত বসুমতাৰী(বি আৰ ফেৰেঙ্গা) য়ে আজি বিস্ফোৰক মন্তব্য আগবঢ়ায় যে বিপিএফ দলে পৰাজিত হোৱাৰ পিচত ইউপিপিএলৰ নিৰ্ব্বাচিত পাৰিষদ সকলৰ ঘৰে ঘৰে গৈ পাৰিষদ সকলৰ পৰিয়ালক দাবী ধমকি দিয়াৰ লগতে ৫০ কোটীৰ পৰা এশ কোটীলৈ দি হৰ্চ ট্ৰেডিঙৰ চেষ্টা চলাইছিল ।
বিপিএফৰ বাবে প্ৰয়োজনীয় চাৰিজন কৈ পাৰিষদৰ বাবে ৪০০ কোটীৰ লগতে প্ৰতিজনকে কাৰ্য্যবাহি সদস্য পদ দিয়াৰো চেষ্টা চলাইছিল বিপিএফে। যিহেতু পাৰিষদ সকলক গুৱাহাটীৰ হোটেল লিলিত কটকটীয়া নিৰাপত্তাৰ মাজত ৰখাৰ লগতে পিচলৈ শ্বিলংলৈ স্থানান্তৰিত কৰিছিল বুলিও জানিবলৈ দিয়ে বসুমতাৰীয়ে ।
বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ নেতৃত্বতে এই দৰে হৰ্চট্ৰেডিঙৰ চেষ্টা চলোৱা বুলিও জনায় ৰঞ্জিত বসুমতাৰীয়ে। বিপিএফ নেতৃত্বই ইউপিপিএলৰ নেতা সকলৰ ওচৰতো প্ৰস্তাৱ লৈ যোৱাৰ কথাও জনায় নেতা জনে। বিপিএফে ছমাহৰ পিচতে পুণৰ পৰিষদ গঠনৰ যি দাবী কৰিছে তাক উদ্দেশ্যহীন আৰু গুৰুত্ব হীন বুলি মন্তব্য কৰাৰ লগতে বিপিএফ নেতৃত্বই জাতীক লৈ পুণৰ এনে ধৰনৰ কাণ্ড নকৰো বুলি প্ৰতিশ্ৰুতিয়ো দিয়াৰ কথাও কয় কাৰ্য্যবাহি সদস্য জনে।
বিপিএফে হৰ্চট্ৰেডিঙৰ বাবে ব্যৱহাৰ কৰিব বিচৰা এই সমুহ বৃহৎ পৰিমানৰ ধন কত পাইছিল বুলিও আচৰ্য্য প্ৰকাশ ৰঞ্জিত বসুমতাৰীৰ । বিজেপিয়ে ইতিমধ্যে হৰ্চট্ৰেডিং কৰি কংগ্ৰেছৰ এজন আৰু বিপিএফৰ একজনকৈ পাৰিষদক লোৱাৰো অভিযোগ উত্থাপন হৈছে কংগ্ৰেছ আৰু বিপিএফৰ পৰা ।
কাৰ্য্যবাহি সদস্য জনে বিস্ফোৰক ভাৱে জনায় যে নতুন পৰিষদৰ কোনো লোকে বিটিচি পৰিষদীয় সচিবালয়ত কোনো ধৰণৰ খাদ্য গ্ৰহণ নকৰে এনেকি পানীয়ো । কাৰণ বিপিএফৰ ফলীয়া সচিবালয়ৰ কৰ্মচাৰী সকলে কোন সময়ত কি কৰে তাৰ কোনো নিশ্চয়তা নাই।
অসমৰ্থিত সুত্ৰত প্ৰকাশ যে বিপিএফৰ পৰা ভাৱুকি দিছে যিকো পন্থা অৱলম্বন কৰিব বুলি। খাদ্যৰ সৈতে যে কিবা মিহলাই নুখুৱাব তাৰ কোনো নিশ্চয়তা নাই। যিহেতু দীৰ্ঘদিন বিপিএফৰ নেতৃত্বত থকা বিটিচি সচিবালয়ত দুৰ্ণীতিৰ পাহাৰ গঢ়ি উঠিছিল। যিকোনো বিভাগতে টকা নহলে কোনো কাম নহৈছিল।
বিষয়া সকলৰ কথা বাদেই চকিদাৰ পিয়নকো ফাইল অনা নিয়াৰ বাবে টকা দিবলগীয়া হৈছিল মুকলি ভাৱে । কোনো কওতা বা ধৰোতা নাছিল বিটিচি সচিবালয়ত । ইউপিপি এলে এই সন্দৰ্ভত পৰিৱৰ্তন কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। প্ৰয়োজনত সলনি কৰিব সচিবালয়ৰ বিষয়া কৰ্মচাৰীক । কোনো পধ্যেই প্ৰশ্ৰয় নিদিব দুৰ্ণীতি তথা দুৰ্ণীতিগ্ৰস্থ লোকক।