পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰত কাৰ্বি প্ৰসিদ্ধ বীৰ থং নক্বেৰ প্ৰতিমূৰ্তি উন্মোচন। কাৰ্বিসকল সৰ্বগুণসম্পন্ন অসমৰ এক অন্যতম জনগোষ্ঠী, জাতিটোৰ নিজস্ব ধৰ্ম, ভাষা-সংস্কৃতি, গীত-মাত আৰু বীৰ-বীৰাংনা ‘থং নকবে’, ‘ৰংফাৰপী নকবে’ আদি সকলোবোৰ আছে। এই সকলোবোৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই অসমৰ কলম্বাছ হিচাপে কাৰ্বিসকলক দিয়া আখ্যাই ইয়াৰ ইংগিত তথা ইয়াৰ প্ৰমাণ দিয়ে।
কাৰ্বিসকলৰ বীৰ-বীৰাংনা ‘থং নকবে’, ‘ৰংফাৰপী নকবে’ আদি এই সকলৰ ভিতৰত প্ৰসিদ্ধ বীৰ আছিল থং নক্বে। কাৰ্বি ইতিহাসৰ এনেবোৰ অধ্যায়ৰ কথা জীয়াই ৰখাৰ প্ৰয়াসেৰে বিভিন্ন জাতি-জনগোষ্ঠী, ধৰ্ম, বৰ্ণ আদি লোকৰ উপৰিও সমাজকৰ্মী, শিক্ষক সমাজৰ উপস্থিতিত পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰত ইতিমধ্যে স্থাপন কৰা কাৰ্বি প্ৰসিদ্ধ বীৰ থং নক্বেৰ প্ৰতিমূৰ্তি আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰে ২০ নম্বৰ বৈঠালাংছ’ বিধানসভা সমষ্টিৰ বিধায়ক ডঃ মানছিং ৰংপিয়ে।
উল্লেখযোগ্য যে ২০১৮-১৯ বৰ্ষৰ বিধায়ক পুঁজিৰ আৱণ্টিত ১০ লাখ টকা ব্যয় সাপেক্ষে ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ কৰি তোলা আৰু প্ৰসিদ্ধ বীৰ থং নক্বেৰ প্ৰতিমূৰ্তি উন্মোচন কৰা কাৰ্য্যত আজি অতিকৈ উৎফুল্লিত আৰু আনন্দিত হৈ পৰিছে অঞ্চলবাসী। ইয়াৰ পূৰ্বেও অঞ্চলটোৰ হাৱাইপুৰ চাৰি-আলিত ভাৰতীয় স্বাধীনতা সেনানী তথা শ্বহীদ মেজৰ দূৰ্গা মল্লৰ প্ৰতিমূৰ্তিও স্থাপন কৰা হৈছিল।
পৰৱৰ্তী সময়ত অঞ্চলটোত পুনৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আৱক্ষ মূৰ্তি স্থাপন কৰাৰ পৰিকল্পনা হাতত লোৱা আৰু ৰাইজৰ সহায় সহযোগিতা কামনা কৰাৰ কথা ব্যক্ত কৰিছে অঞ্চলটোৰ সচেতন মহলে। লগতে অঞ্চলটোক এখন প্ৰতিমূৰ্তি নগৰী আৰু পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ বাবে অঞ্চলবাসীয়ে সংকল্পবদ্ধ হৈছে বুলি প্ৰকাশ কৰে অঞ্চলটোৰ ৰাইজে।