বিবাহ বাৰ্ষিকীত বহু লোকে বহু ধৰণৰ উপহাৰ দিয়ে কিন্তু ৰাজস্থানৰ এজন লোকে পত্নীক বিবাহ বাৰ্ষিকীত যি উপহাৰ দিলে সেয়া আচৰ্যকৰ । যোৱা ২৪ ডিচেম্বৰত অষ্টম বিবাহ বাৰ্ষিকী আছিল ৰাজস্থানৰ বাসিন্দা ধৰ্মেন্দ্ৰ আনিজা আৰু স্বপ্না আনিজাৰ । তেওঁ পত্নীক দামি গহনা বা পোছাকৰ পৰিৱৰ্তে ‘চন্দ্ৰৰ ভূমি’ ক্ৰয় কৰি উপহাৰ হিচাপে দিয়ে ।
সংবাদ মাধ্যমযোগে ধৰ্মেন্দ্ৰই কয়, ‘আমাৰ বিবাহ বাৰ্ষিকী আছিল ২৪ ডিচেম্বৰত । পত্নীৰ বাবে কিবা স্পিচিয়েল কৰাৰ ইচ্ছা আছিল । প্ৰত্যেকেই গাড়ী বা নতুন গহনা উপহাৰ দিয়ে । চিৰাচৰিত ট্ৰেণ্ডতকৈ কিছু বেলেগ কৰাৰ পৰিকল্পনা কৰিছিলো । সেয়েহে চন্দ্ৰৰ ভূমি ক্ৰয় কৰি উপহাৰ হিচাপে দিয়াৰ কথা ঠিৰাং কৰিলো ।’
ভবা মতেই কাম, এই সন্দৰ্ভত নিউয়ৰ্কৰ লুনা ছ’ছাইটি ইণ্টাৰনেচনেলৰ স’তে যোগাযোগ কৰে ধৰ্মেন্দ্ৰই । তেওঁৰ দাবী, এই সংস্থাৰ স’তে এবছৰ পূৰ্বেই যোগাযোগ কৰিছিল । সকলো কাম সম্পূৰ্ণ হ’বলৈ এবছৰৰ প্ৰয়োজন হৈছিল ।
ধৰ্মেন্দ্ৰই কয়, ‘মই বহুত সুখী । মই ভাবো চন্দ্ৰত ভূমি ক্ৰয় কৰা ৰাজস্থানৰ মইয়ে প্ৰথম ।’
এই অভূতপূৰ্ব উপহাৰ লাভ কৰি ধৰ্মেন্দ্ৰৰ পত্নী স্বপ্নাও বহুত সুখী । তেওঁ কয়, ‘এনেকুৱা এটা উপহাৰ লাভ কৰিম বুলি কেতিয়াও কল্পনা কৰা নাছিলো । বিবাহ বাৰ্ষিকীত ধৰ্মেন্দ্ৰই ভূমি সংক্ৰান্ত সকলোবোৰ নথি-পত্ৰ মোৰ হাতত গতাই দিছে ।’
বিশেষজ্ঞসকলে কয় যে, কোনেও ব্যক্তিগতভাৱে চন্দ্ৰত ভূমি ক্ৰয় কৰিব নোৱাৰে । ‘চন্দ্ৰত ভূমি বিক্ৰী হৈ আছে’ বুলি কিছু সংখ্যক সংস্থাই মানুহক প্ৰলোভন দি আছে । ‘ক্ৰেতাসকলক’ প্ৰমাণপত্ৰও প্ৰদান কৰে সংস্থাবোৰে ।