থাইলেণ্ডৰ ৰজাৰ সংগীনিৰ আপত্তিজনক ছবি ভাইৰেল হ’ল

download 1 2

থাইলেণ্ডৰ ৰাজ পৰিয়ালৰ মাজত সৃষ্টি হােৱা সংঘাত তথা বিদ্বেষৰ ছবিখন পুনৰ বিশ্ববাসীৰ সন্মুখত প্রকাশ্য হ’ল।এই সংঘাতৰ পৰিণতিত দেশৰ ৰজাৰ সংগীনিৰ সহস্রাধিক আপত্তিজনক ছবি এতিয়া সহজলভ্য হৈ পৰিছে। এই ছবিবিলাকৰ অধিকাংশতে সম্পূর্ণ বিবস্ত্র অৱস্থাত দেখিবলৈ পােৱা গৈছে সংগীনিগৰাকীক। অনুমান কৰা মতে ৰজাৰ কোনাে এগৰাকী প্রাক্তন পত্নীয়ে কৰা ষড়যন্ত্র ফলতে এই ছবিবিলাক ৰাজহুৱা হৈছে। ঘটনাটোক লৈ এতিয়া ৰাজপ্রাসাদৰ অন্দৰমহলত তােলপাৰ লাগিছে।

থাইলেণ্ডৰ ৰজা মহা ভজিলংকনৰ ইয়াৰ পূর্বে তিনিগৰাকী পত্নী আছিল; কিন্তু পাছত আটাইকেইগৰাকীৰে বিবাহ বিচ্ছেদ ঘটে ৰজাৰ। এই তিনি পত্নীৰ ফালৰ পৰা মুঠতে সাতটা সন্তান আছে ৰজাৰ। বর্তমান ৰজাই উল্লিখিত সংগীনিগৰাকীৰ স’তে থাকে। যি গৰাকীৰ নাম চিনিনাত বাংজিৰাপাকডি। এই যুৱতীগৰাকীৰেই আপত্তিজনক ছবি বিবাহ বিচ্ছেদিত কোনাে এগৰাকী পত্নীয়ে প্রতিহিংসাবশতঃ ফাদিল কৰা বুলি সন্দেহ কৰা হৈছে।

ব্রিটিছ সাংবাদিক এডু মেকগ্রেগৰ মার্চেলৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছিল ছবি বিলাক। উল্লেখ্য যে থাই প্রশাসনৰ বিৰুদ্ধে অতিকৈ সক্রিয় ৰূপে পৰিচিত এইজন সাংবাদিক। নিজৰ ফেচবুক’ পেজতে ইয়াৰ আভাস দি থৈছে সাংবাদিকজনে। মার্চেলে জনােৱা অনুসৰি তিনিমাহ পূর্বে তেওঁৰ ঠিকনাত এখন চিঠি আহে। তাত এখন ‘এছ ডি’ কার্ড আছিল। তাৰ মাজত আছিল ১,৪৪৩ খন ছবি। সাংবাদিকজনে দাবী কৰা অনুসৰি ছ বিবিলাক সম্ভৱতঃ চিনিনাতে তিনিটা পৃথক ‘আইফোন’ৰ দ্বাৰা তুলিছিল। পাছত তাৰ পৰাই ছবিবিলাক ‘হেক’ কৰা হয়।

অৱশ্যে সকলােবিলাক ছবি নতুন নহয়। ২০১২ৰ পৰা ২০১৪ৰ মাজৰ সময়ছােৱাত তােলা হৈছিল ইয়াৰ অধিক সংখ্যক ছবি। বিবাহ নকৰালেও যােৱা বছৰৰ আগষ্ট যুৱতীগৰাকীক ৰজাই নিজৰ সংগীনি ৰূপে স্বীকৃতি দিয়ে। সম্প্রতি ৰজাৰ বয়স ৬৮ বছৰ। আনহাতে, চিনিনাতৰ বর্তমান বয়স হ’ল ৩৫ বছৰ। ৰজাই নিজৰ বিবাহ বহির্ভূত সম্পর্ক স্বীকৃতি দিলেও থাইলেণ্ডৰ ইতিহাসক ইয়াৰ পূর্বে এনে ঘটনাৰ নিদর্শন পাবলৈ নাই। চিনিনাতৰ আপত্তিজনক ছবি বিলাকক লৈ সম্প্রতি থাইলেণ্ডত আলােড়ন সৃষ্টি হৈছে। বৃত্তিগতভাৱে চিনিনাত পূর্বে এগৰাকী নাৰ্ছ আছিল। ৰজাৰ দেহৰক্ষীৰ দায়িত্বও পালন কৰিছিল তেওঁ।

Exit mobile version