এবছৰ পূৰ্বে পৰীক্ষামূলকভাৱে নিউ টাউনত এটা পথ নিৰ্মাণৰ ক্ষেত্ৰত প্লাষ্টিক ব্যৱহাৰ কৰা হৈছিল । সম্প্ৰতি সেই পথৰ গুণমান পৰীক্ষা কৰি সন্তুষ্ট প্ৰশাসন । সেয়েহে নিউ টাউনৰ অন্যান্য স্থানটো প্লাষ্টিক ব্যৱহাৰেৰে পথ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছে হিডক’ই । নিউ টাউন হিডক’ আৰু নিউ টাউন কলকাতা ডেভলপমেণ্ট অথৰিটি বা এনকেডিএ আৱৰ্জনামুক্ত চহৰ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে । সম্প্ৰতি পথ নিৰ্মাণ কাৰ্যও আৰম্ভ কৰা হৈছে ।
বিশেষকৈ আৱৰ্জনা পৃথকীকৰণত গুৰুত্ব আৰোপ কৰা হৈছে । হিডক’ই দিয়া তথ্য অনুসৰি, নিউ টাউনৰ এক্সন এৰিয়া ২-ৰ এটা শ্বপিং মল সংলগ্ন পথ নিৰ্মাণৰ সময়ত পৰীক্ষণমূলক প্লাষ্টিক ব্যৱহাৰ কৰা হৈছে । অভিযন্তাসকলে সেই ঠাইৰ সমীক্ষা কৰি সন্তোষজনক ৰিপ’ৰ্ট প্ৰদান কৰে । সেয়েহে এই পদ্ধতিৰ অধিক ব্যৱহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । প্ৰথমে সংগৃহীত আৱৰ্জনাৰ পৰা প্লাষ্টিক পৃথকীকৰণ কৰি পৰিষ্কাৰ কৰা হয় ।
ইয়াৰ পাছত প্ৰয়োজন অনুসাৰে বিটুমিনৰ স’তে মিশ্ৰিত কৰি পথ নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰা হয় । হিডক’ই জনায় যে, পৰীক্ষামূলকভাৱে পথ নিৰ্মাণত প্লাষ্টিক ব্যৱহাৰ কৰি সন্তোষজনক ফল পোৱা গৈছে । সেয়েহে আৰু এনে পথ নিৰ্মাণ কৰা হ’ব । লগতে তেওঁ কয়, ‘এইদৰে এখন আৱৰ্জনামুক্ত চহৰ গঢ়ি তোলা লক্ষ্য পূৰ্ণ হোৱাৰ লগতে পথ দীৰ্ঘদিনৰ বাবে ভালে থাকিব । নিউটাউনৰ বাসিন্দাসকলে অভিযোগ উত্থাপন কৰি আহিছে যে একেই পথ বাৰেপতি মেৰামতি কৰি থাকিবলগীয়া হয় । ফলত শ্ৰম, সময় আৰু ধনৰ অপচয় হয় । প্লাষ্টিক মিশ্ৰিত পথ দীৰ্ঘম্যাদী হ’লে ভুক্তভোগী জনসাধাৰণৰ বাবে সহায়ক হ’ব ।’