চলিত বৰ্ষৰ ঈদত মুক্তি পাবলগীয়া আছিল ছলমান খানৰ বহুল চৰ্চিত ফিল্ম ‘ৰাধেঃ ইয়’ৰ ম’ষ্ট ৱাণ্টেড ভাই’ । কিন্তু কৰ’না অতিমাৰিৰ ফলত মুক্তি নাপালে ফিল্মখনে ।
নিজৰ জন্মদিনত ফিল্মখনৰ মুক্তিৰ বিষয়ত বলীউডৰ ভাইয়ে কয়, ‘আগন্তুক বৰ্ষৰ ঈদত মুক্তি পাব ‘ৰাধেঃ ইয়’ৰ ম’ষ্ট ৱাণ্টেড ভাই’ । অৱশ্যে বৰ্তমানলৈকে ফিল্মখনৰ মুক্তিৰ দিন ধাৰ্য্য কৰা নাই ।’ এই মুহূৰ্তত ফিল্মখনৰ মুক্তিতকৈ জনসাধাৰণৰ স্বাস্থ্য আৰু আৰ্থিক অৱস্থাক লৈ অধিক চিন্তিত ছলমান ।
তেওঁ কয়, ‘বৰ্তমান পৰিস্থিতি বহুত চিন্তনীয় । ফিল্মখন আমি এই বছৰেই ঈদত মুক্তি দিম বুলি কৈছিলো । কোনো সমস্যাৰ সৃষ্টি নহ’লে আগন্তুক বৰ্ষৰ ঈদত মুক্তি দিম ।’
‘ৰাধে’ৰ পৰিচালনা কৰিছে প্ৰভু দেৱাই । ছলমানৰ স’তে নিৰ্মাণ কৰা ‘ৱাণ্টেড’, ‘দবং-৩’ৰ দৰে বাণিজ্যিক ফিল্মসমূহ সফলতাৰে দৰ্শকে আদৰি লোৱাৰ পাছত পুনৰ অভিনেতা-পৰিচালকৰ যুগলবন্দী দেখিবলৈ পাব দৰ্শকে । অনুৰাগীসকলৰ স্বাস্থ্যক লৈ সতৰ্ক ছলমান । থিয়েটাৰত গৈ ফিল্ম চোৱাৰ ফলত অনুৰাগীসকলৰ সমস্যাৰ সৃষ্টি হোৱাটো নিবিচাৰে বুলিও জনায় ছলমানে ।