স্বাৱলম্বী অসমৰ চিন্তা কৰো আহকঃ লিজামণি কলিতা
তৰুণ বিজ্ঞানী, ৰাসায়ন বিজ্ঞানত আই আই এছ এফ ২০২০ বঁটাপ্ৰাপক
পোনপ্ৰথমে সদৌটিলৈকে ইংৰাজী নৱ বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো । আশা কৰিছো ২০২০ বৰ্ষই মানৱ সভ্যতালৈ যি জটিল সন্ধিক্ষণ নমাই আনিছিল, যি কলীয়া ডাৱৰৰ মেঘাচ্ছন্ন পৰিৱেশে সভ্যতাটোক গ্ৰাস কৰি পেলাইছিল; এই শংকাপূৰ্ণ মেঘাচ্ছন্ন পৰিৱেশৰ নতুন বছৰতে অৱসান ঘটিব । সকলোৱে সু-স্বাস্থ্যৰে জীৱন নিৰ্বাহ কৰি নিজ নিজ কৰ্মক্ষেত্ৰৰ লক্ষ্যস্থানত উপনীত হ’ব । আমি যুৱ-প্ৰজন্মৰূপে বিচাৰো, আগন্তুক সময়বোৰত আমি থকা ঠাইখন, নিজৰ জন্মভূমিখন, নিজ অঞ্চলটো আৰু অঞ্চলটোৰ নিজৰ মানুহখিনি নিজ নিজ লক্ষ্যত উপনীত হওক । এখন আশাৰ অসম গঢ়ি উঠক । যিখন অসম স্বাৱলম্বীতাৰ ওপৰত প্ৰতিষ্ঠিত হয় । আমি সাধাৰণতে কওঁ যে ‘মানুহে দেখি শিকে, ঠেকি শিকে’ । বিগত সময়ত আমি দেখিলো যে আমাৰ হাততে থকা উৎপাদনক্ষম অৰ্থনৈতিক ব্যৱস্থাটোক আমি সদ্ব্যৱহাৰ কৰিব নজনাৰ দোষত বিগত বৰ্ষত আমাৰ মাজৰ বহু সংস্থাপনহীন হ’বলগীয়া হ’ল । গতিকে আমি আমাৰ মাজত থকা অৰ্থনৈতিক চিন্তা-চৰ্চাক প্ৰাধান্য দি কৃষিক্ষেত্ৰ, গৱেষণাকে ধৰি সৰ্বদিশতে স্বাৱলম্বী হোৱাৰ দিশেৰে অগ্ৰসৰ হ’বই লাগিব । আমি এখন স্বাৱলম্বী অসমৰ চিন্তা কৰিব লাগিব, যাৰ জৰিয়তে ভৱিষ্যতৰ দিনত হেজাৰ মহামাৰী আহিলেও যাতে আমাৰ অৰ্থনৈতিক ভেটিটো কোঙা কৰি পেলাব নোৱাৰে । আমি এটা সুদৃঢ় অৰ্থনৈতিক ভেটি গঢ় দিব লাগিব । নৱবৰ্ষৰ পৰাই আমি স্বাৱলম্বী অসমৰ চিন্তা কৰো আহক ।
বিজ্ঞানৰ ছাত্ৰী হিচাপে মই বিশ্বাস কৰো যে বিজ্ঞানে একবিংশ শতিকাৰ এই তৃতীয় দশকৰ প্ৰাকমূহুৰ্তত বহুদূৰ আগোৱাই গৈছে আৰু পৃথিৱীৰ সৰ্বস্তৰতে বিজ্ঞানৰ ব্যৱহাৰ বিৰাজমান হৈছে । আমি আন যিকোনো ক্ষেত্ৰৰ লগতে অৰ্থনৈতিক ক্ষেত্ৰতো আমি বিজ্ঞানসন্মত পন্থা অৱলম্বন কৰিবলৈ শিকিব লাগিব, স্বাস্থ্যৰ ক্ষেত্ৰতো আমি বিজ্ঞানৰ ওপৰতে নিৰ্ভৰ কৰিবলৈ পাৰিব লাগিব । বিজ্ঞানসন্মত চিন্তা-চৰ্চাৰেই আমি দৈনন্দিন জীৱনযাত্ৰা আগুৱাই নিব লাগিব । তদুপৰি যুৱ-প্ৰজন্মৰ হিচাপে আমি সদায় বিচাৰো যিসকল চিৰনমস্য ব্যক্তি, যিসকল আদিপুৰুষৰ অৱদানৰ বাবে আমি থকা ঠাইখন আজি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত হৈছে ; তেওঁলোকৰ প্ৰতি আমি সদায় শ্ৰদ্ধাশীল হ’বলৈ শিকিব লাগিব, তেওঁলোকক আমি শ্ৰদ্ধাৰে স্মৰণ কৰিব পাৰিব লাগিব । আশা ৰাখিছো অসমৰ অবৈধ অনুপ্ৰবেশকাৰীৰ সমস্যা, বান-গৰাখহনীয়া, নিবনুৱা আদি জ্বলন্ত জাতীয় সমস্যাসমূহ বাস্তৱসন্মত আৰু বিজ্ঞানসন্মত ব্যৱস্থাৰে সমাধান হৈ ২০২১ বৰ্ষটো আমাৰ সকলোৰে বাবে এক আশাৰ বছৰ হৈ ৰ’ব, যিটো বছৰৰ জৰিয়তে আমি নিজৰ জীৱনযুদ্ধত আগুৱাই যাবলৈ সমৰ্থবান হ’ম ।
ব্যক্তিগতভাৱে আমি ড° নৰহৰি শাস্ত্ৰীৰ দৰে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন জ্যেষ্ঠ বিজ্ঞানীয়ে সঞ্চালকৰ দ্বায়িত্বত থকা উত্তৰ-পূৱ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত এগৰাকী গৱেষক ছাত্ৰীৰূপে কৰ্মৰত হোৱাৰ সুযোগ লাভ কৰি গৌৰৱবোধ কৰিছো । বহু অভিজ্ঞতাৰে পৰিপুষ্ট বিজ্ঞানীগৰাকীৰ প্ৰগতিশীল, যোগাত্মক পদক্ষেপসমূহক সাকাৰ ৰূপ প্ৰদান কৰাত নেইষ্টৰ বিজ্ঞানী ড° লক্ষী শইকীয়াই যথেষ্ট অৰিহণা আগবঢ়াইছে । আমিও ড° শইকীয়াৰ অধীনত পিএইছডি কৰাৰ সুযোগ লাভ কৰি বিজ্ঞানৰ ন ন কৌশলৰ বিষয়ে শিকিবলৈ আত্মনিয়োগ কৰিছো । আমি আমাৰ গৱেষণাৰ বিষয়ে ক’বলৈ গ’লে এবিধ অনুঘটক প্ৰস্তুতকৰণত কাম কৰি আছো, যাৰ জৰিয়তে আমি সহজে লাভ কৰি অহা সূৰ্যৰ পোহৰ ব্যৱহাৰ কৰি বিভিন্ন পৰিৱেশীয় সমস্যা সমাধান কৰিব পৰা যাব । আশা ৰাখিছো, আমাৰ এই গৱেষণা সমাগত সময়ত প্ৰায়োগিক ক্ষেত্ৰত সফল হ’লে অৰ্থনৈতিক দিশতো মানুহৰ যথেষ্ট পৰিমাণে খৰচ ৰাহি হ’ব পাৰে । বিগত বছৰটো সামগ্ৰিক দিশত ভয়ানক হ’লেও আমাৰ বাবে কিছু আনন্দৰো আছিল । ৰাসায়ন বিজ্ঞানত ‘আই আই এছ এফ ২০২০’ বঁটাই মোক নৱবৰ্ষৰ লগতে আগন্তুক দিনত অনুপ্ৰেৰণা যোগাব বুলিয়ে আশা ৰাখিছো ।