বিজনীত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভস্ম বিসৰ্জন

c1434e7a 08cf 4ec1 a6f6 4d71c5621849

চিৰাং জিলা কংগ্রেছ কমিটিৰ উদ্যোগত আৰু বড়োবাজাৰ ব্লক কমিটিৰ সহযোগত অসমৰ প্রাক্তন মুখ্যমন্ত্রী তৰুন গগৈ দেৱৰ চিতাভষ্ম বিসৰ্জন । চিৰাঙৰ বিজনী দুলানী নদীৰ বিসর্জন ঘাটত অনুষ্ঠিত হয় এই অনুষ্ঠান।

বিজনীত প্রাক্তন মুখ্যমন্ত্রী প্রয়াত তৰুন গগৈৰ চিতাভস্ম অসমজুৰি পৰিভ্রমন কৰাৰ পিছত বিজনীৰ দুলানী বিসৰ্জন ঘাটত আজি দিনৰ ১ বজাত বিসৰ্জন দিয়ে ।

অনুষ্ঠানত মূখ্য অতিথি হিচাপত উপস্থিত থাকে প্ৰয়াত মুখ্য মন্ত্ৰী তৰুন গগৈৰ পুত্ৰ গৌৰৱ গগৈ লগতে বিটিচি কংগ্ৰেছৰ মুখপাত্ৰ জমশ্বেৰ আলী,উত্তৰ অভয়াপুৰীৰ বিধায়ক আব্দুল হাই নাগৰি,চিৰাং জিলাৰ কংগ্ৰেছ কমিটিৰ সাাধাৰন সম্পাদক অনিৰ্বান সেন আৰু চিৰাঙৰ কংগ্ৰেছৰ কৰ্মীসকলৰ । অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী স্বৰ্গীয় তৰুণ গগৈ দেৱ বিজনী বাসী ৰাইজে শেষ বাৰলৈ শ্রদ্ধাঞ্জলী জ্ঞাপন কৰে ।

Exit mobile version