বাসগৃহৰ চোফাৰ তলত থকা সুৰংগেৰে আহিছিল প্রেমিক

photo 1609520524313

প্রেমৰ বাবে মানুহে যিকোনাে কামেই কৰে।বিশেষকৈ পৰকীয়া প্ৰেমত পৰিলে প্রেমাস্পদে লােকচক্ষুৰ আঁৰত থাকি নিজৰ উদ্দেশ্য সিদ্ধি কৰাৰ বাবে অনেক নকৰিবলগীয়া কামেই কৰিবলগীয়া হয়। নিজৰ পৰকীয়া প্ৰেমৰ বাবে এটা সুৰংগ খান্দি সম্প্রতি চৰ্চালৈ আহিছে মেক্সিকোৰ এজন লােক।নিজৰ ঘৰৰ পৰাই লােকজনে এটা সুৰংগ খান্দিছিল প্রেমিকাৰ ঘৰলৈ। সেই সুৰংগ পথেৰেই দুয়ােৰে অভিসাৰ অব্যাহত ৰাখিছিল।

কিন্তু এই কার্যত অৱশেষত বাধাৰ সৃষ্টি কৰিলে মহিলাৰ স্বামীৰ অনুসন্ধিৎসু মনটোৱে। পাছত সৃষ্টি হােৱা বিবাদ মষিমূৰ কৰাৰ বাবে আৰক্ষীয়ে হস্তক্ষেপ কৰিবলগীয়া হয়। এই ঘটনাটো সংঘটিত হৈছে মেক্সিকোৰ এখন চহৰত। মেক্সিকোৰ বাসিন্দা এলবার্টো নামৰ লােজনে নিজৰ অবৈধ প্রেমিকাক সাক্ষাতৰ বাবে উক্ত সুৰংগৰে যাতায়ত কৰিছিল। মহিলাৰ স্বামী ঘৰত নথকা অৱস্থাত সেইদৰেই চলিছিল তেওঁলােকৰ অভিসাৰ।

কিন্তু হঠাৎ এদিন পত্নীৰ পৰকীয়া সম্পর্কে অৱগত হয় তেওঁৰ স্বামী জর্জ। সেইদিনা তেওঁ আনদিনাৰ তুলনাত সােনকালে আহিছিল। আহিয়েই নিজগৃহৰ চোফাৰ তলত দেখা পালে এটা প্রকাণ্ড গাঁত। আচলতে প্রেমিক এলবার্টোৱে বিদায় লােৱাৰ পাছত প্রেমিকাই সেই গাঁতটোৰ মুখ বন্ধ কৰি ৰাখিছিল। এনেদৰে সেই ব্যৱস্থা কৰিছিল যে স্বামীয়ে দীর্ঘদিনলৈ ইয়াৰ ভূ-কে পােৱা নাছিল। কিন্তু সেইদিনা জর্জ সােনকালে ঘৰলৈ উভতি অহাত তেওঁ সুৰংগৰ মুখটো বন্ধ কৰাৰ কোনাে সুযােগ নাপালে।

ইফালে, নিজৰ ঘৰৰ চোফাৰ তলত হঠাৎ এনে এটা ডাঙৰ গাঁত দেখি। জর্জ আচৰিত হয়। ভালদৰে চোৱাত তেওঁ দেখিলে যে সেইটো গাঁত নহয়, বৰঞ্চ এটা সুৰংগহে। ফলত জর্জ অধিক আচৰিত হয়। ইয়াৰ আতি-গুৰি জনাৰ বাবেই তেওঁ সেই সুৰংগৰে আগবাঢ়ি গ’ল। এটা সময়ত জর্জে দেখিলে যে সুৰংগৰ শেষ হৈছে। এলবার্টো নামৰ লােকজনৰ গৃহত। সুৰংগৰ দৈর্ঘ্য, প্রস্থ সম্পর্কে জনা নগ’লেও সুৰংগৰ খােলা মুখৰ ফটো ইতিমধ্যে সামাজিক মাধ্যমত বিয়পি পৰিছে।

উল্লেখ্য যে জর্জে পত্নীৰ প্ৰেমিকৰ গৃহত উপস্থিত হােৱাৰ লগে লগে এলবার্টোৱে তেওঁক ঘূৰাই পঠোৱাৰ চেষ্টা কৰিছিল। যাতে এলবার্টোৰ পত্নীয়ে সেই পৰকীয়া প্ৰেমৰ সম্পর্কে জানিব নােৱাৰে। কিন্তু এলবার্টোৰ কার্যত জর্জ নিশ্চিত হ’ল পত্নীৰ স’তে এলবার্টোৰ গােপন সম্পর্ক আছে। লগে লগে আৰম্ভ হয় কাজিয়া। উত্তপ্ত বাক্য বিনিময়ৰ পাছত এটা সময়ত পৰিস্থিতি উত্তেজনাপূর্ণ হৈ পৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে এটা সময়ত আৰক্ষীও ঘটনাস্থলীত উপস্থিত হ’বলগীয়া হয়।

Exit mobile version