ৰহস্যজনকভাৱে দুমাহ ধৰি নিৰুদ্দেশ আলিবাবাৰ প্ৰতিষ্ঠাপক জেক মা

Jack Ma Alibaba 040121 1200 Flickr WEF

বিগত দুমাহ ধৰি ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ আছে চীনৰ আৰবপতি তথা আলিবাবা কোম্পানীৰ প্ৰতিষ্ঠাপক জেক মা । এছিয়াৰ অন্যতম ধনী লোকজনক বিগত প্ৰায় দুটা মাহত ৰাজহুৱাকৈ কোনেও দেখা পোৱা নাই । ইয়াৰ পৰিপ্ৰেক্ষিততে বিষয়টোক লৈ চৰ্চা আৰম্ভ হৈছে । কিয়নো কিছুদিন পূৰ্বে চীন চৰকাৰৰ নীতিৰ বিৰুদ্ধে প্ৰকাশ্যে মুখ খুলিছিল মাই । তাৰ পাছৰ পৰাই তেওঁ প্ৰায় নিৰুদ্দেশ হৈ আছে । আনকি নিজৰ টিভি অনুষ্ঠানৰ বিচাৰক আসনতো তেওঁ অনুপস্থিত আছিল । আনকি জিনপিং চৰকাৰে মাক গৃহবন্দী কৰি ৰখাৰো আশংকা প্ৰকাশ কৰিছে একাধিক আন্তৰ্জাতিক সংবাদ মাধ্যমে ।

নিজৰ টিভিত আলিবাবা আৰু এণ্ট গ্ৰুপৰ প্ৰতিষ্ঠাপক তথা স্বাত্ত্বাধিকাৰীজনে ‘আফ্ৰিকাজ বিজনেছ হিৰোজ’ নামৰ এটা প্ৰতিভাসন্ধানী অনুষ্ঠান অব্যাহত ৰাখিছিল । এই প্ৰতিযোগিতামূলক অনুষ্ঠানত তেওঁ বিচাৰকৰূপেও অংশ লৈছিল ।

প্ৰাপ্ত তথ্য অনুসৰি, উক্ত টিভি অনুষ্ঠানৰ ৰোৱা নৱেম্বৰত অনুষ্ঠিত ফাইনেলৰ খণ্ডটোৰ চিত্ৰগ্ৰহণৰ পৰা মা বিৰত থাকে । তেওঁৰ পৰিৱৰ্তে বিচাৰক মণ্ডলীত উপস্থিত আছিল আলিবাবাৰ আন এজন কাৰ্যবাহী । চীনৰ ই-কমাৰ্চৰ একচ্ছত্ৰী আসন দখল কৰি থকা কোম্পানীটোৰ তৰফৰ পৰা জনোৱা হয় যে অতি ব্যস্ততাৰ বাবে ধনকুবেৰজনে উক্ত অনুষ্ঠানত অংশ ল’ব নোৱাৰিলে । কিন্তু তেতিয়াৰ পৰা মা ক্ৰমাগতভাৱে জনমানসৰ পৰা আঁতৰি থকাত এই বিষয়ত প্ৰশ্নৰ অৱতাৰণা হয় ।

বিশেষকৈ মাৰ দুয়োটা কোম্পানী চীন চৰকাৰৰ সূক্ষ্ম নিৰীক্ষণৰ সন্মুখীন হোৱাৰ সময়তে তেওঁ এইদৰে অদৃশ্য হৈ পৰাত বিষয়টো অধিক ৰহস্যজনক হৈ পৰে । সম্প্ৰতি মাৰ আলিবাবা আৰু এণ্ট গ্ৰুপে চৰকাৰী নীতিক বিসৰ্জন দি একছেতীয়া ব্যৱসায়ত জড়িত হোৱাৰ অভিযোগ উত্থাপন হৈছে ।

যোৱা অক্টোবৰত জিনপিং চৰকাৰৰ নতুন বেংক নীতিৰ বিৰুদ্ধে মুখ খুলিছিল ধনকুবেৰজনে । তাৰ পাছতে মা চীনৰ ক্ষমতাধিষ্ঠিত কমিউনিষ্ট পাৰ্টিৰ কু-দৃষ্টিত পৰে । তেওঁৰ কোম্পানী দুটাৰ বিৰুদ্ধে ইটোৰ পাছত সিটো পদক্ষেপ লয় বেইজিঙে ।

বিগত নৱেম্বৰৰ আৰম্ভণিতে এণ্ট গ্ৰুপৰ পৰিকল্পিত তিনি হেজাৰ সাতশ কোটি ডলাৰৰ ‘ইনিচিয়েল পাব্লিক অফাৰিং’ (আইপিঅ’) বন্ধ কৰিছিল চীনে । ছাংহাই আৰু হংকঙৰ শ্বেয়াৰ বজাৰত শ্বেয়াৰ খোলাৰ মাত্ৰ ৪৮ ঘণ্টাৰ পূৰ্বে এণ্ট গ্ৰুপৰ উক্ত আইপিঅ’ বন্ধ কৰি দিয়া হৈছিল ।

এসময়ত এছিয়াৰ সবাতোকৈ ধনী ব্যক্তিৰ আখ্যা পোৱা মাৰ ব্যক্তিগত সম্পত্তিতো বিগত দিনসমূহত চৰকাৰী পদক্ষেপৰ আঘাত লাগিছে । তথ্য অনুসৰি, বিগত তিনি মাহত ধনকুবেৰজনে ১১ আৰব ডলাৰৰ ক্ষতিৰ সন্মুখীন হৈছে ।

Exit mobile version