শ্ৰীৰাম মন্দিৰ নিধি সমৰ্পণ অভিযান ১৫ জানুৱাৰীৰ পৰা

new design for ram mandir

‘অযোধ্যাত স্থাপন হ’বলগীয়া নৱ নিৰ্মিত ৰাম মন্দিৰলৈ অসমবাসীৰ সহায়-সহযোগিতা বিচাৰি শ্ৰীৰাম মন্দিৰ নিধি সমৰ্পণ সিমিত, অসমে এক অভিযান চলাব ।’ এই কথা জনালে শ্ৰীৰাম মন্দিৰ নিধি সমৰ্পণ সমিতি অসমে । অহা ১৫ জানুৱাৰীৰ পৰা ২৭ ফেব্ৰুৱাৰী পৰ্যন্ত এই শ্ৰীৰাম মন্দিৰ জন্মভূমি নিধি সমৰ্পণ অভিযান চলিব বুলিও তেওঁলোকে জনাইছে । নিধি সমৰ্পণ সিমিত, অসমৰ তৰফৰ পৰা মহানগৰীৰ দিছপুৰ প্ৰেছক্লাবত আয়োজিত এক সংবাদমেলত এই কথা সদৰী কৰে ।

সমিতিৰ সম্পাদক ডাঃ উমেশ চক্ৰৱৰ্তীয়ে কয় যে অসমত মকৰ সংক্ৰান্তিৰ পৰা মাঘী পুৰ্ণিমালৈ অৰ্থাৎ ১৫ জানুৱাৰীৰ পৰা ২৭ ফেব্ৰুৱাৰীলৈ এই অভিযান চলিব । অৱশ্যে অসমত নিধি সমৰ্পণ অভিযান ৩১ জানুৱাৰীৰ ভিতৰতে সম্পূৰ্ণ কৰাৰো লক্ষ্য স্থিৰ কৰা হৈছে বুলিও তেওঁ জনাই । ডাঃ চক্ৰৱৰ্তীয়ে কয়, ‘এই অভিযানৰ সময়ত ৰাজ্যৰ ১৬ হেজাৰ ৭০৬ খন গাঁও, গুৱাহাটী মহানগৰীৰ ৬০ টা ৱাৰ্ডৰ লগতে আন আন নগৰৰ  ১২৬ টা ৱাৰ্ডৰ পৰিয়ালৰ মাজত এই অভিযান চলোৱা হ’ব ।’

এই অভিযানৰ প্ৰতি জাতি-ধৰ্ম-বৰ্ণ-ভাষা  নিৰ্বিশেষে সকলোৰে সহযোগিতা কামনা কৰি  ডাঃ চক্ৰৱৰ্তীয়ে লগতে কয়, ‘হিন্দু সমাজে পাঁচটা দশকৰ অক্লান্ত আৰু অবিৰতভাৱে সংগ্ৰাম চলাইছিল । এই সংগ্ৰামত বহু মানুহৰ মৃত্যু হৈছিল । সমাজৰ এই সংগ্ৰাম আৰু আবেগক সন্মান জনাই উচ্চতম ন্যায়ালয়ে ঐতিহাসিক ৰায়দান কৰি ভাৰত চৰকাৰক দিয়া পৰামৰ্শ অনুসাৰে ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ নামৰ ন্যাস গঠন আৰু যোৱা পাঁচ আগষ্টত দেশৰ প্ৰধানমন্ত্ৰীয়ে ভূমি পূজনৰ দ্বাৰা উক্ত প্ৰক্ৰিয়াক গতি প্ৰদান কৰিছিল ।’ ইয়াৰ লগতে সমিতিৰ সম্পাদকজনে নিৰ্মাণ হ’বলগীয়া ৰাম মন্দিৰৰ সন্দৰ্ভত কিছু তথ্য দাঙি ধৰে । দেশৰ কে’বাটাও শীৰ্ষ শিক্ষা প্ৰতিষ্ঠান তথা অন্যান্য প্ৰতিষ্ঠানৰ বিশেষজ্ঞৰ দলে মন্দিৰৰ আৰ্হি প্ৰস্তুতৰ কামত নিয়োজিত হৈ থকাৰ লগতে মন্দিৰৰ নক্সা ইতিমধ্যে গ্ৰহণ কৰা হৈছে বুলিও তেওঁ সদৰী কৰে ।

ডাঃ চক্ৰৱৰ্তীয়ে লগতে কয়, ‘অসমৰ হেজাৰ হেজাৰ কৰ্মকৰ্তাই এই অভিযানত সহায়-সহযোগিতা আগবঢ়াব, কিয়নো এই কৰ্ম ভগৱানৰ ।’ এই পবিত্ৰ কৰ্মত সম্পূৰ্ণ সততাৰে স্বচ্ছ আৰু নিকা আৰ্থিক ব্যৱহাৰৰ প্ৰতিশ্ৰুতি দি সম্পাদকজনে কয়, ‘১০ টকা, এশ টকা, হেজাৰ টকা বা ইচ্ছাকৃতভাৱে আগবঢ়োৱা যিকোনো অনুদানৰ বিনিময়ত ছপা ৰছিদ প্ৰদান কৰা হ’ব । লগতে অসমৰ সকলো বাসগৃহলৈ ৰাম মন্দিৰৰ প্ৰতিচ্ছবি প্ৰেৰণ কৰা হ’ব ।’ আজিৰ সংবাদমেলত সমিতিৰ সভাপতি পৰমেশ দত্ত, উপ সভাপতি ডাঃ মুনীন্দ্ৰ মোহন ডেকা, নিধি সমৰ্পণ সমিতিৰ উত্তৰ অসম প্ৰান্তৰ অভিযান প্ৰমুখ ধ্ৰুৱজ্যোতি শৰ্মাও উপস্থিত থাকে ।

Exit mobile version