আমেৰিকাৰ নৱ নির্বাচিত ৰাষ্ট্রপতি জ’ বাইডেনে অহা ২০ জানুৱাৰীত শপত গ্ৰহণ কৰিব। মার্কিন ৰাষ্ট্ৰপতিৰ শপত গ্রহণ অনুষ্ঠানত অংশ ল’ব হলিউডৰ একাধিক আগশাৰীৰ তাৰকাই।
ADVERTISEMENT
অতি আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত হ’বলগীয়া বাইডেনৰ শপত অনুষ্ঠান হলিউডৰ আগশাৰীৰ শিল্পী তথা বিখ্যাত পপ তাৰকা লেডী গাগা আৰু জেনিফাৰ ল’পেজে সংগীত পৰিৱেশন কৰিব। উল্লেখ্য যে নির্বাচনৰ প্ৰচাৰৰ সময়তাে গাগাই বাইডেনক মুক্ত সমর্থন আগবঢ়াইছিল।
একেদৰে জেনিফাৰ ল’পেজেও ডেমক্রেটিক প্রার্থীজনৰ সমৰ্থনত বিভিন্ন মন্তব্য প্রকাশ কৰিছিল। ৯০ মিনিট ধৰি অনুষ্ঠিত হ’ব লগা শপত গ্রহণ অনুষ্ঠানত জাষ্টিন টিম্বাৰলেক, ডেমি ল’ভাট’, জন ৱান জ’ভি আদিয়েও অনুষ্ঠান পৰিৱেশন কৰিব।






























