কোনো ৰাষ্ট্ৰীয় সাম্প্রতিক ৰাজনৈতিক দলৰ লগত অসম জাতীয় পৰিষদ দলৰ মিত্রতা নহয়ঃ লুৰীণজ্যোতি গগৈ

WhatsApp Image 2021 01 19 at 8.21.03 PM

অসম জাতীয় পৰিষদ দলৰ সভাপতি লুৰীণজ্যোতি গগৈক আজি ধিঙত দলীয় কৰ্মীয়ে উষ্ম আদৰণি জনায়। উল্লেখ্য যে, আজি মৈৰাবাৰীত অসম জাতীয় পৰিষদৰ এক বিশাল গণসমাবেশত অংশগ্রহণ কৰিবলৈ যোৱাৰ পথত ধিং বজাৰত নগাঁও জিলা সমিতিৰ সমন্বয়ক আদিত্য বৰাৰ নেতৃত্বত কে’বাশতাধিক দলীয় কৰ্মীয়ে উষ্ম আদৰণী জনায়।

দলীয় কৰ্মীৰ পৰা আদৰনী গ্ৰহণ কৰাৰ পাছত সাংবাদিকৰ আগত লুৰীণজ্যোতি গগৈয়ে কয় যে, অসম জাতীয় পৰিষদ দলে কেতিয়াও কংগ্ৰেছ বিজেপি অথবা এ আই ইউ ডি এফ দলৰ লগত মিত্রতা নকৰে। সেয়া অসম জাতীয় পৰিষদ দলৰ স্পষ্ট স্থিতি ।

তদুপৰি অসমত পুনৰ বিজেপি চৰকাৰ গঠন হ’ব বুলি কালি চৰ্চিত এক সমীক্ষাৰ আঁত ধৰি লুৰীণজ্যোতি গগৈয়ে কয় যে, বিভিন্ন সময়ত ৰাইজে বহু সমীক্ষা দেখি আহিছে। চৰকাৰ ৰাইজে বনাব, ভোট ৰাইজে দিব। গতিকে সেয়া মাথো অপেক্ষা। কাৰণ, বিহাৰৰ নিৰ্বাচনে প্ৰমাণ কৰিছে এনে সমীক্ষা কি । গতিকে কোনো ৰাষ্ট্ৰীয় সাম্প্রদায়িক ৰাজনৈতিক দলৰ লগত অসম জাতীয় পৰিষদ দলৰ মিত্রতা নহয়। মিত্রতা হ’ব আঞ্চলিক ভাৱধাৰাৰে পৰিপুষ্ট আঞ্চলিক ৰাজনৈতিক দলৰ লগতহে ।

ৰাইজৰ দল অথবা বিপিএফ লগত অসম জাতীয় পৰিষদ দলৰ মিত্রতা প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নত গগৈয়ে কয়, কথা বতৰা চলি আছে। সকলো ৰাইজক জনাম মাথো অপেক্ষা। উল্লেখ্য যে, আঙুৰলতাৰ দখলত থকা বটদ্ৰৱা সমষ্টিটো এই অসম জাতীয় পৰিষদৰ দখললৈ নিয়াৰ বাবে গগৈয়ে ইতিমধ্যে বহু চেষ্টা কৰি অহা পৰিলক্ষিত হৈছে। গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা সমষ্টিৰ পৰা ৰাইজৰ দলৰ হৈ প্ৰাৰ্থীত্বৰ দৌৰত থকা আদিত্য বৰাই ইতিমধ্যে বটদ্ৰৱা সমষ্টিত বিশেষ তৎপৰ হৈ পৰা দেখা গৈছে।

Exit mobile version