বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি উদযাপনক লৈ কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত যুদ্ধকালীন প্ৰস্তুতি

pankaj copy 1

বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি উদযাপনক লৈ কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত চলিছে যুদ্ধকালীন প্ৰস্তুতি ৷ অহা 24, 25 আৰু 27 ফেব্ৰুৱাৰীত তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হ’ব বিটিআৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান ৷ উল্লেখ্য যে, বিটিআৰ প্ৰশাসনৰ উদ্যোগত উদযাপিত হ’বলগীয়া বিটিআৰ চুক্তি বৰ্ষপূৰ্তিৰ প্ৰথম দিনাৰ অৰ্থাৎ 24 জানুৱাৰীৰ কাৰ্যসূচীত অংশ ল’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷

ইপিনে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কোকৰাঝাৰ ভ্ৰমণৰ প্ৰাক মূহুৰ্তত মংগলবাৰে অসম আৰক্ষীৰ এডিজিপি ড° এল আৰ বিষ্ণই কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত উপস্থিত হৈ নিৰাপত্তা ব্যৱস্থাসহ আন প্ৰস্তুতি সম্পৰ্কে বুজ লয় ৷ হেলিপেডস্থলীও পৰিদৰ্শন কৰে এডিজিপি এল আৰ বিষ্ণইয়ে ।

প্ৰস্তুতি সম্পৰ্কে বুজ লোৱাৰ পাছত এডিজিপি বিষ্ণই সাংবাদমাধ্যমৰ আগত কয় যে, গৃহমন্ত্ৰীৰ ভ্ৰমণৰ সময়ত যাতে কোনো ধৰণৰ সমস্যাৰ উদ্ভৱ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তাসহ আন সকলোবোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ গ্ৰীণ ফিল্ডক ২১ টা ছেক্টৰত বিভক্ত কৰা হৈছে আৰু প্ৰতিটো ছেক্টৰতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷

বৰ্ষপূৰ্তি অনুষ্ঠান আৰু ইয়াৰ দাতিকাষৰীয়া এলেকাত নিৰাপত্তাৰক্ষীৰ 15 টা কোম্পানী মোতায়েন কৰা হ’ব ৷ চিচি টিভিৰ নিৰীক্ষণত অনুষ্ঠিত হ’বলগীয়া বিটিআৰ প্ৰথম বৰ্ষপূৰ্তিৰ বিশাল গণ সমাবেশখন ক’ভিড প্ৰ’ট’কল অনুযায়ী সম্পন্ন হ’ব বুলি এডিজিপি বিষ্ণই জানিব দিছে ৷ তদুপৰি সমাবেশত অংশ গ্ৰহণ কৰা বিশেষ অতিথিৰ লগতে সাধাৰণ জনতাৰ নিৰাপত্তা সুনিশ্চিত কৰা হ’ব বুলিও এডিজিপি গৰাকীয়ে সদৰী কৰে ৷

উল্লেখ্য যে বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি উদযাপন থলীত চাৰি লাখ আসনৰ ব্যৱস্থা কৰা হৈছে ৷ সেই অনুসৰি বৰ্ষপূৰ্তি অনুষ্ঠানত প্ৰায় চাৰি লাখ লোকে অংশগ্ৰহণ কৰিব বুলি ধাৰণা কৰা হৈছে ৷

Exit mobile version