ড্ৰেগন ফলৰ নাম সলাই ৰাখিলে কমলম

911560 dragon fruit kamalam

সম্প্ৰতি ভাৰতত জনপ্ৰিয় হ’বলৈ ধৰিছে ড্ৰেগন ফ্ৰুইট বা ড্ৰেগন ফল । ক্ৰমে জনপ্ৰিয় হৈ উঠাৰ সময়তে এই বিশেষ প্ৰকৃতিৰ স্বাদিষ্ট ফলবিধত চীনৰ সংযোগ বিচাৰি পালে চৰকাৰে । সেয়ে এইবিধ ফলৰ নাম সলনি কৰি ‘কমলম’ ৰখাৰ প্ৰস্তাৱ দিলে ভাৰত চৰকাৰে ।

সংস্কৃত শব্দ ‘কমলম’ৰ অৰ্থ হৈছে পদ্ম বা পদুম । এই ফুল বিজেপিৰ প্ৰতীকো । গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপামীয়ে এই প্ৰস্তাৱ দিয়াৰ পাছতে সামাজিক মাধ্যমত বিৰোধী নেতাসকলৰ কটাক্ষও আৰম্ভ হয় । সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ৰূপানীয়ে কয়, ‘ড্ৰেগন ফ্ৰুইটৰ নতুন নাম দিয়াৰ সিদ্ধান্ত লৈছে গুজৰাট চৰকাৰে । এই ফলৰ বাহিৰৰ অংশ পদুমৰ দৰে, সেয়ে গুজৰাটত এই ফলক কমলম বুলি কোৱা হ’ব ।’ এই প্ৰসংগত মুখ্যমন্ত্ৰীজনে যুক্ত প্ৰদৰ্শন কৰি কয়, ‘ড্ৰেগন ফ্ৰুইটৰ নামৰ স’তে চীনৰ সংযোগ আছে । ফলত এই নাম সলনি কৰিবই লাগিব ।’

উল্লেখ্য যে ড্ৰেগন নামৰ কাল্পনিক হিংস্ৰ প্ৰাণীবিধক চীনত বিশেষ স্থান দিয়া হয় । অৱশ্যে ড্ৰেগন ফল চীন মূলৰ নহয়, বৰঞ্চ থাইলেণ্ডৰহে খিলঞ্জীয়া ফল । এইবিধ ফল সম্প্ৰতি বিশ্বৰ বিভিন্ন স্থানলৈ ৰপ্তানি কৰাৰ ওপৰি বহু দেশত খেতিও কৰা হয় । গুজৰাটৰ মুখ্যমন্ত্ৰীজনে লগতে জনায় যে কমলম নামটোৰ পেটেণ্ট পোৱাৰ বাবে ইতিমধ্যেই প্ৰস্তাৱ প্ৰেৰণ কৰিছে তেওঁৰ চৰকাৰে ।

উল্লেখ্য যে অতি স্বাদিষ্ট হোৱাৰ বাবেই অন্যান্য দেশৰ লগতে ভাৰততো ইয়াৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে । বিগত কিছু বছৰত প্ৰচুৰ পৰিমাণে ড্ৰেগন ফল ভাৰতে আমদানি কৰি আহিছে । এই আমদানি নিৰ্ভৰতা হ্ৰাস কৰাৰ বাবেই এতিয়া দেশৰ বিভিন্ন প্ৰান্তত এইবিধ ফলৰ খেতিও আৰম্ভ হৈছে । আৰ্থিক দিশৰ পৰা অধিক লাভৰ সম্ভাৱনা থকাৰ বাবেই দেখিবলৈ আচহুৱা ফলবিধক খেতিৰ বাবে বাছি লৈছে বহু কৃষকে । গুজৰাটৰ ভুজ, গান্ধীধাম, মাণ্ডভি, অঞ্চলৰ কৃষকসকলে সম্প্ৰতি ড্ৰেগন ফলৰ খেতিত জোৰ দিছে ।

বিগত বছৰৰ জুলাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মন কি বাত’ অনুষ্ঠানত এইবিধ ফলৰ খেতিৰ স’তে ‘আত্মনিৰ্ভৰ ভাৰত’ৰ সংযোগ থকাৰ কথা কৈছিল । কচ্ছ অঞ্চলৰ ড্ৰেগন ফল কৃষকসকলৰ নতুন উদ্যোগৰ কথা প্ৰধানমন্ত্ৰীয়ে দেশবাসীৰ আগত তুলি ধৰিছিল । ইয়াৰ পাছতে নতুন উৎসাহেৰে নাম সলনিৰ যুক্তি লৈ আগবাঢ়ি আহিছে গুজৰাট চৰকাৰ । মন কৰিবলগীয়া যে গুজযাটৰ বিজেপিৰ মুখ্য কাৰ্যালয়ৰ নামো হৈছে কমলম । ফলত ৰাজ্য চৰকাৰখনে অধিক উৎসাহ পাইছে ।

ইপিনে, সামাজিক মাধ্যমত বহুতে ইয়াক লৈ কটাক্ষও কৰিছে । একাংশ সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিছে যে ইয়াৰ পাছত হয়তো অন্যান্য ফলৰো নাম সলনি হ’ব । নাম পৰিৱৰ্তনত সিদ্ধহস্ত উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ প্ৰসংগ টানি আনি কংগ্ৰেছ সাংসদ শশী থাৰুৱে টুইটত লিখিছে, ‘গুজৰাটৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ স’তে প্ৰতিযোগিতাত নামিছে নে তেওঁক উপহাস কৰিছে ? এই মুখ্যমন্ত্ৰীসকলক ব‌্যস্ত ৰাখিবলৈ বিজেপিয়ে যদি নেচনেল ৰিনেমিং কাউন্সিল গঢ়ি তোলে, তেন্তে ভাল হ’ব । প্ৰশাসন চলোৱাত ব্যৰ্থ হ’লেও যাতে এই বিষয়বোৰত তেওঁলোকে ভাল কাম কৰিব পাৰে ।’

কংগ্ৰেছৰ আন এজন সাংসদ কাৰ্তি চিদাম্বৰমৰ কটাক্ষ, ‘ড্ৰেগনক হত্যা কৰা হ’ল ।’ এনচিপিৰ মুখপাত্ৰ মহেশ তাপাচেই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘অদূৰ ভৱিষ্যতে হয়তো বিজেপিয়ে হিন্দুস্তানক কমলাস্তান বুলি ক’বলৈ আৰম্ভ কৰিব । সেই কথা ভাবিলেই ভয় লাগে ।’

Exit mobile version