ইপিনে নাচোৰবান্দা কৃষকসকলে ২৬ জানুৱাৰীত ট্ৰেক্টৰ ৰেলী ওলিয়াবৰ বাবে প্ৰস্তুতি চলাইছে । আনহাতে, সেই কাৰ্যসূচীক ব্যৰ্থ কৰিবৰ বাবে প্ৰশাসনে যথাসম্ভৱ চেষ্টা চলাইছে বুলি অভিযোগ উত্থাপন হৈছে । সংবাদ সূত্ৰ অনুসৰি, প্ৰতিবাদী কৃষকসকলক ডিজেল প্ৰদান নকৰিবলৈ উত্তৰপ্ৰদেশ চৰকাৰে প্ৰতিটো জিলাৰ ছাপ্লাই অফিচাৰসকলক নিৰ্দেশিকা জাৰি কৰিছে । দিল্লীৰ সীমান্তত ইতিমধ্যে কৃষকসকলে গণৰাজ্য দিৱসত ট্ৰেক্টৰ ৰেলী ওলিয়াবৰ বাবে প্ৰস্তুতি কৰি থকাৰ সময়তে এই নিৰ্দেশিকা জাৰি ।
এই নিৰ্দেশিকা প্ৰকাশ প্ৰকাশ হোৱাৰ পাছতে কৃষক নেতা ৰাকেশ টিকায়তে নিৰ্দেশ দিয়ে যে, য’তেই ট্ৰেক্টৰ লৈ আহে তাতেই পথ অৱৰোধ কৰক । পশ্চিম উত্তৰপ্ৰদেশ আৰু গাজিপুৰৰ পূৰ্বৰ অংশৰ কৃষকসকলৰ মাজত এই খবৰ বিয়পি পৰাৰ পাছতে ক্ষোভৰ সৃষ্টি হৈছে বুলিও জনায় সংবাদ মাধ্যমে ।
কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং ট’মৰে জনায় যে, ‘প্ৰতিবাদকাৰী কৃষকসকল কৃষি আইন বাতিলৰ দাবীতে অটল আছে । তেওঁলোকে বুজিবলৈ চেষ্টা কৰা নাই, কৃষি আইনৰ ফলত তেওঁলোকৰ কিমান সুবিধা হ’ব । সেয়ে আলোচনাৰ সমাধান সূত্ৰ পোৱা নাই ।’
তেওঁ লগতে দাবী কৰে যে, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কৃষি আইনত যি সংশোধন কৰা হৈছে, সেইটো কৃষকসকলৰ স্বাৰ্থতে কৰা হৈছে । কৃষকসকলৰ ইচ্ছাত কেন্দ্ৰীয় চৰকাৰে যথেষ্ট গুৰুত্ব আৰোপ কৰিছে, ভৱিষ্যতেও কৰিব ।’
কৃষিমন্ত্ৰী ট’মৰে কয় যে, কৃষকসকলৰ আইন বাতিল দাবীক বাদ দি অন্য দাবীবোৰৰ সন্দৰ্ভত চৰকাৰৰ স’তে আলোচনা কৰি সমস্যাৰ সমাধান সূত্ৰ উলিওৱা দৰকাৰ ।