মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী তথা বাগসা জিলাৰ শালবাৰী মহকুমাৰ গোবৰ্দ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত মায়ংপাৰা অঞ্চলৰ বাগান বজাৰত চাহ জনগোষ্ঠীয় লোকসকলৰ এক অন্যতম পৰম্পৰাগত খেল কুকুৰা চৰাইৰ যুঁজৰ নামত সম্প্ৰতি চলিছে এক অবাধ জুৱাখেলৰ বেহা ৷দীৰ্ঘদিন ধৰি আৰক্ষী- প্ৰশাসনৰ সম্মুখতে কুকুৰা চৰাইৰ যুঁঁজৰ নামত চলি থকা এই অবাধ জুৱা খেলে অঞ্চলটোৰ পৰিবেশ বিঘ্নিত কৰি তোলাৰ আশংকাত অঞ্চলটোৰ সচেতন ৰাইজে প্ৰমাদ গণিছে।
উল্লেখ্য,সমগ্ৰ অসমতে বিশেষকৈ মাঘৰ ভোগালী বিহুৰ সময়ত বিহুৰ এক প্ৰচলিত পৰম্পৰাৰ অঙ্গ হিচাপে কুকুৰা চৰাইৰ লগতে বুলবুলি চৰাইৰ যুঁজৰ প্ৰচলন থকাৰ কথাটো সৰ্বজনবিদিত।ঠিক ইয়াৰ সমান্তৰালকৈ অসমৰ চাহ জনগোষ্ঠীৰ লোকসকলেও কুকুৰা চৰাইৰ যুঁজক তেওঁলোকৰ সাংস্কৃতিক পৰম্পৰাৰ এক অভিন্ন অঙ্গ হিচাপে মান্যতা দি আহিছে।
কিন্তু জনগোষ্ঠীয় এই পৰম্পৰাৰ নামত সম্প্ৰতি বাক্সা জিলাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ বাগান বজাৰত প্ৰতিটো দেওবাৰ আৰু বৃহস্পতিবাৰৰ সাপ্তাহিক বজাৰৰ দিন দুটাত কুকুৰা চৰাইৰ যুঁজৰ নামত চলি থকা অবাধ এই জুৱা খেলত দূৰ- দূৰণিৰ বহুতো ব্যৱসায়ী আৰু বহুতো অচিনাকী লোকে বৃহৎ পৰিমাণৰ ধনেৰে স’তে উক্ত অঞ্চলত উপস্থিত হৈ কুকুৰা চৰাইৰ যুঁজৰ নামত হোৱা জুৱা খেলত লিপ্ত হোৱা ঘটনাই অঞ্চলটোত আগন্তুক দিনত হ’ব পৰা যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ ইঙ্গিত বহন কৰা বুলিও মত প্ৰকাশ কৰিছে সচেতন লোকসকলে। তেওঁলোকে এই কাৰ্য চাহ জনগোষ্ঠীয় লোকসকলৰ স্বকীয় পৰম্পৰাৰ ওপৰত আঘাত বুলিও মন্তব্য কৰিছে।
আনহাতে অঞ্চলটোত সক্ৰিয় সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ ‘আছা’ই উক্ত কাৰ্যৰ বিৰুদ্ধে সময়ে সময়ে মাত মাতি আহিছে যদিও বাগসা জিলা প্ৰশাসনে অদ্যাপি কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ‘আছা’ৰ নেতা বিমল লুগুণে।
ছাত্ৰ নেতাগৰাকীয়ে কুকুৰা চৰাইৰ যুঁজৰ নামত চলা এই দুস্কাৰ্যৰ আঁৰত এক শক্তিশালী চক্ৰ জড়িত থকাৰো সন্দেহ ব্যক্ত কৰিছে।আনহাতে বি পি এফৰ শাসনকালতো তেওঁলোকে এই দুস্কাৰ্য ৰোধৰ বাবে কেইবাবাৰো বি পি এফ প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰি আহিছিল যদিও বি পি এফ প্ৰশাসনে কোনোধৰণৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ নেতাগৰাকীয়ে।ছাত্ৰ নেতাগৰাকীয়ে প্ৰমোদ বড়ো নেতৃত্বাধীন বৰ্ত্তমানৰ বি টি আৰ প্ৰশাসনৰ ওচৰত এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণৰ দাবী উত্থাপন কৰিছে৷