মৰুভূমি বুলি ক’লেই আমাৰ মনলৈ আহে গছ-গছনি, পানী নােহােৱা কেৱল বালিৰে ভৰি থকা কোনাে অঞ্চল। কিন্তু বছৰৰ কোনাে সময়ত অন্যান্য প্রাকৃতিক পৰিৱেশৰ দৰে পানী আৰু জলজ প্রাণী তথা গছ-গছনিৰে ভৰি পৰা মৰুভূমিৰ কথা কেতিয়াবা শুনিছানে ? তেনে এখন মৰুভূমিৰ নাম হ’ল লেনকয়েছ উদ্যান। সম্পূর্ণ নাম লেনকয়েছ মেৰানহেন্সেছ জাতীয় উদ্যান। ব্রাজিলৰ মেৰানহাও অঞ্চলত অৱস্থিত এই বিস্ময়কৰ উদ্যানখনত বছৰৰ এটা নির্দিষ্ট স্থান প্রাকৃতিকভাৱেই সলনি হৈ পৰে।
এই মৰুভূমি অঞ্চলত সেই নির্দিষ্ট অঞ্চলত প্ৰচুৰ বৰষুণাে হয়, পানীও জমা হয় আৰু মাছ আদি নানা জলজ প্রাণীয়ে বিচৰণ কৰে। দেখা যায় পাম আদি বিভিন্ন ধৰণৰ গছ। এই মৰুভূমি উদ্যানত আছে। মেনগ্রোভ অৰণ্য আৰু উপকূল। এই উদ্যানৰ আয়তন প্রায় ১,৫৫০ বর্গকিলােমিটাৰ। অৱশ্যে যিমানেই জলজ প্রাণী আৰু গছ-গছনি থাকক, এই উদ্যানৰ ভূ-প্রকৃতি কিন্তু মৰুভূমিৰ দৰেই। মাটি পাবলৈ নাই, কেৱল বগা বালিৰ ৰাজ্য।
বছৰৰ এক নির্দিষ্ট সময়ত প্ৰচুৰ বৰষুণ হয়। ইয়াৰ কাৰণ হ’ল এই মৰুভূমিৰ অৱস্থান আমাজন অৱবাহিকাৰ একেবাৰে ওচৰত। জুলাইৰ পৰা ছেপ্টেম্বৰত অধিক পানী জমা হয়। সেই সময়ত অঞ্চলটো পানীৰে ভৰি থাকে। বহুতাে লেগুন বা ঘোঁৰাৰ খুৰাৰ আকৃতিৰ হ্ৰদো চকুত পৰে। সেইবােৰ দেখিবলৈ সেউজীয়া আৰু নীলা ৰঙৰ। প্রকৃতি ৰ’দত উজ্জ্বল হৈ থাকে। এই মৰুভূমিত দেখিবলৈ পােৱা মাছবােৰ কিন্তু শুকান দিনত দেখা যায়।
পানী জমা হােৱাৰ লগে লগেই মাছৰ আৱিৰ্ভাৱ ঘটে। ইয়াৰ কাৰণাে আছে। চৰাইৰ জৰিয়তে মাছৰ কণী মৰুভূমিত থকা লেগুনবােৰত পৰেহি। সেইদৰেই বিশাল অঞ্চলটো প্ৰচুৰ মাছেৰে ভৰি পৰে। শুকান দিনত কিছুমান মাছ বালিৰ তললৈ সােমাই যায় বুলি ধাৰণা কৰা হয়। কিছুমান মাছ গুচি যায় কাষৰ নদীসমূহলৈ। কাৰণ লেগুনবােৰৰ কিছু অংশ সেই নদীসমূহৰ স’তে যুঁজ হৈ আছে। এই বিস্ময়কৰ মৰুভূমি উদ্যানৰ বৈচিত্র্য উপভােগ কৰিবলৈ বছৰি প্ৰচুৰ পৰ্যটকৰ ভিৰ হয়।