গোলাঘাট জিলাৰ মৰঙিৰ ২নং কৈবৰ্ত গাৱঁৰ ড° ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত আজি পুৱাৰে পৰা উখল-মাখল পৰিৱেশে বিৰাজ কৰে ৷ আগন্তুক, ২৬, ২৭ আৰু ২৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব অসমৰ অন্যতম খিলঞ্জীয়া ভূমিপুত্ৰ কৈবৰ্ত জনগোষ্ঠীৰ সাহিত্য আৰু সাংস্কৃতিক সভাৰ প্ৰথম দ্বি বাৰ্ষিক অধিৱেশন ৷
আজি দুপৰীয়া অধিৱেশনৰ লাইখুঁটা স্থাপন কৰে সম্পূৰ্ণ ৰীতি-নীতি, গায়ন-বায়ন, আয়তীৰ উৰুলী, মংগল ধ্বনিৰ মাজেৰে পাচঁ শতাধিক ৰাইজৰ উপস্থিতিত কেন্দ্ৰীয় সমিতিৰ সভাপতি সুতৰাম দাসে ৷
অধিৱেশনখনি সাফল্যমণ্ডিত কৰিবৰ বাবে অসমৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ থকা কৈবৰ্ত সমাজৰ ২০ লাখ জনসংখ্যাৰ লগতে সকলো জাতি-জনগোষ্ঠী, ভাষা-ভাষী, ধৰ্মাৱলম্বী ৰাইজৰ সহযোগিতা কামনা কৰিছে কেন্দ্ৰীয় সমিতিৰ সম্পাদক জিতুল দাস আৰু আয়োজক সমিতিয়ে ৷