মাকুমত মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ

WhatsApp Image 2021 02 01 at 10.09.59 AM

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে কৰা প্ৰতিবাদৰ ওপৰত সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন চৰকাৰে তেজপুৰ আৰু শুৱালকুচিত ছাত্ৰ সন্থাৰ কৰ্মী লগতে ছাত্ৰীৰ ওপৰত কৰা আক্রমণৰ প্ৰতিবাদত আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে মাকুমতো মাকুম আঞ্চলিক ছাত্ৰ সন্থাই ৩৭ আৰু ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে ।

 

গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰি কা নামানো, কা ফালি দিম, নৰেন্দ্ৰ মোদী গ’ বেক, বিজেপি গ’ বেক, সৰ্বানন্দ সোনোৱাল গ’ বেক, সৰ্বানন্দ সোনোৱাল জাতীয় খলনায়ক, ল’ৰা ৰজা আদি বিভিন্ন শ্ল’গানেৰে প্ৰায় অৰ্ধ শতাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰি মাকুমৰ আকাশ বতাহ কঁপাই তোলে ।

উক্ত কাৰ্যসূচীত উপস্থিত থাকে মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰৱেণ ফুকন, সাধাৰণ সম্পাদক শিৱা দাস, সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি ৰন্টু বৰশইকীয়া, সহকাৰী সম্পাদক জিতেন্দ্ৰ চুতীয়া, সাংগঠনিক সম্পাদক হিৰণ্য মৰাণৰ লগতে অৰ্ধশতাধীক আছুকৰ্মী ৷

Exit mobile version