ধুবুৰীৰ গৌৰীপুৰত সদৌ ধুবুৰী জিলা অংগনৱাড়ী কৰ্মী সহায়িকা সন্থাৰ চতুৰ্থতম ত্ৰিবাৰ্ষিক অধিবেশনৰ পূৰ্ণ প্ৰস্তুতি 

6c1c4d96edf670023a85af4356ac9b13

ধুবুৰীৰ গৌৰীপুৰত অনুষ্ঠিত হ’ব সদৌ ধুবুৰী জিলা অংগনৱাড়ী কৰ্মী সহায়িকা সন্থাৰ চতুৰ্থতম ত্ৰিবার্ষিক অধিবেশন । ধুবুৰী জিলা অংগনৱাড়ী কৰ্মী সহায়িকা সন্থাৰ চতুৰ্থতম ত্ৰিবার্ষিক অধিবেশন অহা আঠ আৰু ন ফেব্ৰুৱাৰী ২০২১ ত গৌৰীপুৰৰ মাটিয়াবাগত অনুষ্ঠিত হ’ব বুলি সদৌ ধুবুৰী জিলা অংগনৱাড়ী কৰ্মী সহায়িকা সন্থাৰ সভানেত্ৰী পাৰভিন সাহাজাদাই এখন সংবাদ মেলযোগে জানিবলৈ দিয়ে।

তদুপলক্ষে উক্ত কাৰ্য্যসূচীৰ দ্বিতীয় দিনা ন ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকিব অসমৰ সমাজ কল্যাণ মন্ত্রী প্ৰমিলা ৰাণী ব্রহ্ম আৰু ধুবুৰী জিলাখনৰ সমষ্টিৰ বিধায়কসকল তথা প্ৰাক্তন মন্ত্রীৰ লগতে বিভিন্ন ঠাইৰ পৰা গণ্য মান্য ব্যক্তিসকল উপস্থিত থাকিব।

উল্লেখযোগ্য যে এই অধিবেশনৰ জৰিয়তে সদৌ ধুবুৰী জিলা অংগনৱাড়ী কৰ্মী সহায়িকাসকলৰ বিভিন্ন সমস্যা সমাধানৰ কথা অৱগত কৰিব। তেওঁলোকৰ চাকৰি নিয়মীয়া কৰা, প্ৰাপ্য মজুৰী আদায় দিয়া, পেঞ্চনৰ ব্যৱস্থা কৰা আদি বহু সমস্যাৰ বিষয়ে অসম চৰকাৰক দৃষ্টি গোচৰ কৰিবলৈ এই অধিবেশন অনুষ্ঠিত কৰা হ’ব বুলি সদৌ ধুবুৰী জিলা অংগনৱাড়ী কৰ্মী সহয়ীকা সন্থাৰ সভানেত্ৰী পাৰভিন সাহাজাদাই জানিবলৈ দিয়ে।

Exit mobile version