বালাগাঁও হাইস্কুল খেল পথাৰত ভাৰতীয় জনতা পাৰ্টিৰ পৃষ্ঠা প্ৰমূখ সন্মিলন

WhatsApp Image 2021 02 04 at 6.24.31 PM

জনীয়া সমষ্টিৰ অন্তৰ্গত বালাগাঁও হাইস্কুল খেলপথাৰত আজি জনীয়া সমষ্টি কমিটিৰ প্ৰভাৰী দেবব্ৰত সৰকাৰৰ সভাপতিত্বত পৃষ্ঠা প্ৰমূখ সন্মিলন অনুস্থিত হয়। সভাত বৰপেটা জিলা সভাপতি শংকৰ চন্দৰ দাস, অসম জনজাতী মৰ্চাৰ সভাপতি নবৰুণ মেধি,  ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সম্পাদক শ্বহিদুল ইছলাম, সংখ্যালঘু মৰ্চাৰ বৰপেটা জিলাৰ সভাপতি ইছমাইল হুছেইন, বৰপেটা জিলা সদস্য আব্দুল মোতলেব, জনীয়া মণ্ডল বিজেপিৰ গজেন্দ্ৰ দাস, ৰূপসী মণ্ডল বিজেপিৰ সভাপতি চন্দ্ৰকান্ত আৰ্য, মণ্ডল প্ৰভাৰী ৰাতুল শৰ্মা, জনীয়া সমষ্টিৰ সংযোজক নয়নজ্যোতি তালুকদাৰকে ধৰি ভালে সংখ্যক বিজেপি নেতা-কৰ্মী উপস্থিত থাকি ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰে।

বিজেপিৰ কাৰ্যকৰ্তাসকলে ৰাইজক উদ্দেশ্যি কয় যে, বিৰোধীয়ে ভাৰতীয় জনতা পাৰ্টিক সাম্প্ৰদায়িক দল বুলি কয়। কিন্তু ভাৰতীয় জনতা পাৰ্টিয়ে অসমত ক্ষমতাত অহাৰ পাছত অসমত এটাও গোষ্ঠী সংঘৰ্ষ হোৱা নাই। বিজেপি চৰকাৰে যিমান জনকল্যণমুখি আঁচনি গ্ৰহণ কৰিছে সেয়া বিগত ৭০ বছৰত কোনো চৰকাৰেই গ্ৰহণ কৰা নাই । চাকৰিৰ ক্ষেত্ৰত যোগ্যতাৰ ভিত্তিত সংখ্যালঘু যুৱক-যুৱতীক বিজেপি চৰকাৰে চাকৰি প্ৰদান কৰিছে ।

সমাগত নিৰ্বাচনত জনীয়া সমষ্টিৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত বিজেপিক ভোট দি জয়যুক্ত কৰি জনীয়া সমষ্টিক বিজেপিৰ হাণ্ডৰেড প্লাছত অন্তভুৰ্ক্ত হ’বলৈ আহ্বান জনায় বক্তা সকলে।

Exit mobile version