ADVERTISEMENT
মূল্য বৃদ্ধি,নিবনুৱা সমস্যা আদিৰ বিৰুদ্ধে আজি ধুবুৰীৰ ৰাজীব ভৱনত এন এছ ইউ আইৰ নেতৃত্ব ছাত্ৰ হুংকাৰ সাব্যস্ত কৰে। উক্ত কাৰ্য্য সূচীত নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তি দাহ কৰাৰ লগতে চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল পৰিবেশ গঢ়ি তোলাৰ লগে লগেই আৰক্ষী আৰু অৰ্দ্ধসমৰিক বাহিনীয়ে বাধা প্ৰদান কৰি ভৱনৰ ভিতৰলৈ ঠেলি লৈ যায়।
লগতে বেনাৰ পপোষ্টাৰ ছিঙি দিয়াৰ লগতে প্ৰতিবাদকাৰীক প্ৰতিবাদ কৰিবলৈ বাধা প্ৰদান কৰে।উল্লেখ্য যে প্ৰতিবাদস্থলীত সূলুস্থুলীয়া পৰিবেশ সৃষ্টি হোৱাৰ লগতে আৰক্ষীয়ে এন এছ ইউ আই ৰ সাংগঠনিক পতাকা ও ভৰিৰে গোচকা বুলি অভিযোগ উত্থাপিত কৰিছে প্ৰতিবাদকাৰীয়ে।




































