জীৱনৰ ২০টা বছৰ অতি দুখত কটাইছিল একতায়ে।কোনো অভিনেত্ৰীতকৈ কম নহয় বাস্তৱৰ এই একতা।সকলো দুৰ্গম পৰিস্থিতিক জয় কৰি বাস্তৱৰ একতা আজি এগৰাকী প্ৰতিষ্ঠিত ফিটনেছ প্ৰশিক্ষক।দেহৰাডুনত জন্ম গ্ৰহণ কৰিছিল একতাই। তেওঁ নৈনিতালৰ বিৰলা মন্দিৰ বিদ্যালয়ৰ শিক্ষক ।
একতা শিশু থাকোঁতেই তেওঁৰ মাকে তেওঁক এৰি গৈছিল। তেতিয়াৰ পৰা তেওঁৰ দেউতাকৰ স’তেই থাকিয়ে ডাঙৰ হৈছিল আহিছে। তেওঁৰ দেউতাকৰ বাবে একতাৰ সকলো কাম লগতে তেওঁৰ নিজৰ কাম চোৱা চিতাৰ বাবে সম্ভৱ নাছিল। একতাৰ খাদ্যৰ প্ৰতি পৰ্যাপ্ত মনোযোগ দিব পৰা নাছিল দেউতাকে ফলস্বৰূপে, একাতাই শিশু থাকোতেই অপুষ্টিত ভুগিছিল।
লগতে তেওঁ বিদ্যালয়ত সঠিকভাৱে অধ্যয়নো কৰিব পৰা নাছিল। যাৰ বাবে একতা অতি কম বয়সত স্বানিৰ্ভৰ হ’বলৈ শিকিছিল। তেওঁ দিনটোৰ বেছিভাগ সময় স্কুলৰ বাহিৰত খেলি কটাইছিল। যেতিয়া একতাৰ বয়স ১৮ বছৰ আছিল, সেই সময়তে দেউতাকে একতাক বিয়া দি দিছিল। তেতিয়াই তেওঁৰ জীৱন সলনি হ’বলৈ আৰম্ভ কৰিছিল।
একতাই বিবাহৰ পূৰ্বেই অনুভৱ কৰিছিল যে তাইৰ স্বামীৰ ঘৰৰ মানুহে বিবাহৰ আগতে বহুতো সত্য গোপনে ৰাখিছিল । কেইদিনমানৰ পিছত, একাতাই বুজিপাইছিল যে তেওঁ স্বামীৰ ঘৰত থকাটো সম্ভৱ নহয়।স্বামীয়ে তেওঁক শাৰীৰিক সম্পর্কৰ নামত নিৰ্যাতন চলাইছিল। একতা বয়সত স্বামীতকৈ বহুত সৰু আছিল। বাৰে বাৰে ধৰ্ষণ কৰা হৈছিল একতাক। এই সকলো সহ্য কৰিব নোৱাৰি এদিন একাতাই তাইৰ স্বামীৰ ঘৰৰ পৰা নৈইনিতালৰ ঘৰলৈ পলাই গৈছিল।
কিন্তু সকলোৱে মিলি তেওঁক মানসিক বিধৱস্ত কৰি পেলাইছিল , তেওঁৰ বাবে বিবাহৰ পিছত দীৰ্ঘদিন ধৰি দেউতাকৰ ঘৰত থকাটো সম্ভৱ নাছিল। তেওঁ আনকি নিজৰ অধ্যয়নো সম্পূৰ্ণ কৰিব পৰা নাছিল। ফলস্বৰূপে, তেওঁ নিজে উপাৰ্জন কৰি আত্মনিৰ্ভৰকাৰী হ’ব পৰা নাছিল।
মানসিক ভাৱে অত্যন্ত আৱেগিক হৈ পৰিছিল একতা আৰু সেই সময়ত তিনিবাৰ আত্মহত্যাৰো চেষ্টা কৰিছিল একতায়ে। তেওঁক অন্তিমবাৰৰ চিকিৎসালয়তো ভৰ্তি কৰিবলগীয়া হৈছিল। আৰু যেতিয়া তেওঁ তালৈ গৈছিল, তেওঁ জানিব পাৰিছিল যে তেওঁ গৰ্ভৱতী আছিল। একতাৰ এজনী ছোৱালী জন্ম হয়। কিন্তু তেওঁ নাজানিছিল যে তেওঁ দৰিদ্ৰ পৰিয়ালত তেওঁৰ সন্তানক সঠিক খাদ্য দিব পাৰিব নে নাই।
একতায়ে ছোৱালীজনীক ডাঙৰ কৰাৰ বিষয়ে চিন্তিত আছিল। এসময়ত একতাই ছোৱালীজনীক এটা নিসন্তান দম্পতীক হস্তান্তৰ কৰাৰ কথা ভাবিছিল। যদিও তেওঁৰ বাবে এনে কৰাটো সম্ভৱ নাছিল। একাতাই কঠোৰ পৰিশ্ৰম কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ প্ৰথমে নৈনিতালৰ এখন ব্যক্তিগত মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। তাৰ পিছত তেওঁৰ তিনি বছৰীয়া ছোৱালীক দেউতাকৰ স’তে ঘৰত এৰি টকা উপাৰ্জন কৰিবলৈ দিল্লীলৈ গৈছিল।
তেওঁ দিল্লীত বিভিন্ন কাম কৰিবলৈ আৰম্ভ কৰিছিল। কেতিয়াবা তেওঁ এজন ফেশ্বন ডিজাইনাৰক সহায় কৰিছিল, কেতিয়াবা তেওঁ ছবিৰ ছেটতো সহকাৰী হিচাপে কাম কৰিছিল। কেতিয়াবা তেওঁ শিক্ষকতা কৰিছিল। কিন্তু কোনো কামে তেওঁক সুখী কৰিব পৰা নাছিল।একাতাৰ এজন দূৰৰ সম্পৰ্কীয় ভাতৃ কানাডাত বাস কৰিছিল আৰু একতায়ে তেওঁৰ ছোৱালীজনীৰ স’তে এদিন কানাডালৈ গৈছিল।
তাত এজন বন্ধুৱে তেওঁক যোগ প্ৰশিক্ষণ ল’বলৈ কলে আৰু একতাই পুনৰ মুম্বাইলৈ উভতি আহি আৰু যোগ প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। যোগৰ উপৰিও, তেওঁ আন বহু ফিটনেছ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।এঠাইত তেওঁক শশাংকৰক লগ পাইছিল। শশাংকৰ আছিল বিদ্যালয়ত তেওঁৰ জ্যেষ্ঠ । শশাংকৰক তেওঁক ফিটনেছৰ বিষয়ে বিভিন্ন কথা কলে ।
ফিটনেছ উদ্যোগত কিমান প্ৰতিযোগিতা হয় সেই সকলোবোৰ কথাই শশাংকৰে একতাক বুজাই দিছিল ।একতা এতিয়া এজন প্ৰতিষ্ঠিত ফিটনেছ প্ৰশিক্ষক। তেওঁ ভাৰত্তোলনত সোণৰ পদকপ্ৰাপ্ত ৰাষ্ট্ৰীয় বিজয়ী।বৰ্তমান একতাই স্বামী শশাংকৰ স’তে দেহৰাডুনত এটা ফিটনেছ ষ্টুডিঅ’ পৰিদৰ্শক হিচাপে কৰ্মৰত।